ETV Bharat / bharat

Opposition parties meeting: বেংগালুৰুত শক্তি প্ৰদৰ্শনৰ বাবে সাজু বিৰোধী

author img

By

Published : Jul 17, 2023, 10:35 AM IST

বিহাৰৰ পাটনাৰ প্ৰথমখন বিৰোধীৰ বৈঠকৰ তুলনাত অধিক আকৰ্ষণীয় হ'ব বেংগালুৰুৰ বৈঠক ! কংগ্ৰেছে এই বৈঠকখন সফল কৰাত অধিক গুৰুত্ব দিছে । এইবাৰ ১০ টা নতুন বিৰোধী দলকো আমন্ত্ৰণ জনোৱা হৈছে । পঞ্চতাৰকা হোটেলত বাহৰ পাতিছে বিৰোধী নেতাই ।

Opposition parties meeting
বেংগালুৰুত শক্তি প্ৰদৰ্শনৰ বাবে সাজু বিৰোধী

নেশ্যনেল ডেস্ক,১৭ জুলাই : কংগ্ৰেছৰ নেতৃত্বত বেংগালুৰুত আজি বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব বিৰোধীয়ে । দেশৰ প্ৰায় ২৪ টা বিৰোধী দলে বিৰোধী ঐক্যত অংশগ্ৰহণ কৰিব । ইতিমধ্যে বেংগালুৰুৰ হোটেলত বাহৰ পাতিছে বিৰোধী নেতাসকলে ।

ইফালে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক বৈঠকৰ সকলো প্ৰস্তুতি নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে । সকলো বিৰোধী নেতাকে চহৰখনৰ এখন পঞ্চতাৰকা হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে বুলি দলীয় সূত্ৰই জনাইছে ।

খবৰ অনুসৰি সোমবাৰে কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে পুৱা ১১ বজাত এক যুটীয়া সংবাদমেল সম্বোধন কৰিব । তাৰ পাছতে সকলো বিৰোধী নেতাৰ উপস্থিতিত আবেলি অনুষ্ঠিত হ'ব বৈঠক ।

সন্ধিয়া ৬ বজাত এখন অনানুষ্ঠানিক সভা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । সন্ধিয়া ৮ বজাত নিশাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে । ১৮ জুলাইত পুনৰ বৈঠক পুৱা ১১ বজাত আৰম্ভ হ'ব আৰু আবেলি ৪ বজালৈকে চলিব ।

তাৰ পাছত এখন সংবাদমেলৰ আয়োজন কৰা হ'ব য'ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ ৰণনীতি ঘোষণা কৰাৰ সম্ভাৱনা আছে । ৰাহুল গান্ধীৰ সৈতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ সকলো প্ৰভাৱশালী আৰু ডাঙৰ নেতাই বেংগালুৰুত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বিৰোধীৰ বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

আম আদমি পাৰ্টীয়েও দেওবাৰে বৈঠকত উপস্থিতি থাকিব বুলি নিশ্চিত কৰিছে । দিল্লীত কেন্দ্ৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছে আপক সমৰ্থন দিব বুলি ঘোষণা কৰাৰ পাছতে আম আদমি পাৰ্টীয়ে বৈঠকত উপস্থিত থকাৰ কথা জনাইছে । ইয়াৰ পূৰ্বে, ২৩ জুনত বিহাৰৰ পাটনাত বিৰোধীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল । য'ত আপ আৰু কংগ্ৰেছৰ মাজত কেন্দ্ৰ অধ্যাদেশক লৈ কিছু মত বিৰোধ দেখিবলৈ পোৱা গৈছিল ।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভৰিৰ আঘাত স্বত্বেও বিৰোধী বৈঠকত উপস্থিত থকাৰ কথা উল্লেখ কৰিছে । ইয়াৰ পূৰ্বে পাটনাৰ বৈঠকত ১৬ টা বিৰোধী দলক আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁলোকৰ ১৫ টা দল বৈঠকত উপস্থিত আছিল । প্ৰথমখন বৈঠকত ৰাষ্ট্ৰীয় লোক দল পাৰ্টি উপস্থিত নাছিল যদিও সোমবাৰে বেংগালুৰুৰ দ্বিতীয়খন বৈঠকত তেওঁ অংশ লোৱাৰ সম্ভাৱনা আছে ।

কংগ্ৰেছে এন ডি এৰ সংখ্যা বৃদ্ধি কৰিবলৈ বেংগালুৰুত অনুষ্ঠিত দ্বিতীয়খন বিৰোধী বৈঠকলৈ ১০ টা নতুন দলক আমন্ত্ৰণ জনাইছে । ইয়াৰ ভিতৰত আছে মাৰুমালাৰ্চি দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (এমডিএমকে), বিদুথালাই চিৰুথাইগাল কাচ্চি (ভিচিকে), বিপ্লৱী সমাজতান্ত্ৰিক দল (আৰএছপি), কংগু দেশা মাক্কাল কাচ্চি (কেডিএমকে), ফৰৱাৰ্ড ব্লক, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল), কেৰালা কংগ্ৰেছ (মণি), আপনা দল (কামেৰাৱাড়ী) আৰু তামিলনাডুৰ মাংকালি কাঠে (কামাচি)। সূত্ৰৰ মতে পাটনাৰ বৈঠকত কৈ এইখন বৈঠক অধিক আকৰ্ষণীয় কৰাত গুৰুত্ব দিছে কংগ্ৰেছে ।

লগতে পঢ়ক :Opposition Unity : আপক সমৰ্থনৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ; অধিক শক্তিশালী হৈছে বিৰোধী ঐক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.