ETV Bharat / bharat

Bengaluru Opposition Meeting : অৱশেষত বেংগালুৰুৰ বৈঠকত শাৰদ পাৱাৰ; কি হ'ব বিৰোধীৰ ৰণনীতি ? - Bengaluru Opposition Meeting

বেংগালুৰুৰ অন্তিম দিনাৰ বৈঠকত বিৰোধী দলসমূহে একত্ৰিত হোৱাৰ শ্ল'গান ল'ব । দলবোৰে তেওঁলোকৰ মিত্ৰতাৰ নাম নিৰ্ধাৰণ কৰিব । ইয়াৰ উপৰিও, সকলো ৰাজনৈতিক দলে এক যুটীয়া ইস্তাহাৰ জাৰী কৰি মিত্ৰজোঁটৰ কাম-কাজ নিৰীক্ষণৰ বাবে এখন সমিতি গঠন কৰাৰ বিষয়েও বিবেচনা কৰিব ।

Bengaluru Opposition Meeting
অৱশেষত বেংগালুৰুৰ বৈঠকত শৰদ পাৱাৰ
author img

By

Published : Jul 18, 2023, 12:48 PM IST

নেশ্যনেল ডেস্ক,১৮ জুলাই : বিভিন্ন মহলত চলি থকাৰ বিতৰ্কৰ মাজতে অৱশেষত বেংগালুৰুত উপস্থিত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ । বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে তেওঁ মুম্বাইৰ পৰা বেংগালুৰুত উপস্থিত হৈছে । তেওঁৰ উপস্থিতিক লৈ বিভিন্ন মহলত চৰ্চা চলি আছিল যদিও দ্বিতীয় দিনাৰ বৈঠকত তেওঁ উপস্থিত থাকে ।

ইফালে আজিৰ দিনটো দেশৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিয়নো আজি দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকসমূহে ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিশ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে । এফালে, কেন্দ্ৰত বিৰোধীৰ ভূমিকা পালন কৰা কমেও ২৪ টা দলৰ বৈঠক বেংগালুৰুত অনুষ্ঠিত হৈছে । একে সময়তে, বিজেপিয়ে নতুন দিল্লীত এন ডি এৰ সহযোগী দলসমূহৰ এখন বৈঠক অনুষ্ঠিত হ’ব । জানিব পৰা মতে কেন্দ্ৰত বিজেপিক সমৰ্থন কৰা ৩৮ টা দলৰ নেতা এন ডি এৰ এই বৈঠকত উপস্থিত থাকিব ।

পুৱাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা ওমেন চাণ্ডিৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ কয় যে বিৰোধীৰ বৈঠক পূৰ্ব নিৰ্ধাৰিত অনুসূচী অনুসৰিয়ে অনুষ্ঠিত হ'ব ।

  • #WATCH | Maharashtra | NCP chief Sharad Pawar leaves from his residence in Mumbai. He will participate in the joint Opposition meeting in Bengaluru, Karnataka today. pic.twitter.com/6dZL73rqam

    — ANI (@ANI) July 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিৰোধীৰ বৈঠক সন্দৰ্ভত বেণুগোপালে কয় যে এইখন অতি গুৰুত্বপূৰ্ণ বৈঠক । নেতাগৰাকীৰ মৃত্যুক লৈ তেওঁলোক আবেগিক যদিও দলটোৱে এই বৈঠক অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে ।

ইয়াৰ পূৰ্বে তেওঁ ওমেন চাণ্ডীৰ মৃত্যুক সমগ্ৰ কংগ্ৰেছ আৰু কেৰালাৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে আটাইতকৈ ডাঙৰ ক্ষতি বুলি অভিহিত কৰে । তেওঁ কয় যে চাণ্ডী এগৰাকী জননেতা আছিল । আজিৰ কেৰালাৰ ৰাজনীতিত তেওঁৰ অৱদান অতুলনীয় বুলিও বেণুগোপালে উল্লেখ কৰে । কংগ্ৰেছ নেতাগৰাকীৰ মতে চাণ্ডীয়ে কেতিয়া স্বাস্থ্যৰ প্ৰতি চিন্তা কৰা নাছিল । কেৱল মানুহৰ বাবে কাম কৰাটোৱে তেওঁৰ প্ৰথম চিন্তা আছিল ।

  • #WATCH | Karnataka | Second day of the joint Opposition meeting to begin in Bengaluru today. 26 like-minded parties are participating in the meeting.

    Visuals outside Taj West End hotel. pic.twitter.com/b8wgRlzz3p

আনহাতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মঙলবাৰৰ বৈঠকৰ কাৰ্যসূচী সন্দৰ্ভত কয় যে আসন ভাগ-বতৰাৰ দিশত এক ৰোডমেপ প্ৰস্তুত কৰাৰ উপৰিও মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া বিৰোধী ঐক্য বৈঠকত প্ৰস্তাৱিত বিজেপি বিৰোধী গোটটোৰ নাম, গাঁথনি আৰু এক উমৈহতীয়া কাৰ্যসূচী আৰু প্ৰচাৰ কাৰ্যসূচী প্ৰদান কৰাৰ বিষয়ে আলোচনা কৰা হ'ব ।

তেওঁ কোৱা মতে কাৰ্যসূচীত ৬ টা প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মিত্ৰতাৰ বাবে এক উমৈহতীয়া কাৰ্যসূচী আৰু যোগাযোগ বিন্দুৰ খচৰা প্ৰস্তুত কৰিবলৈ পৃথক উপ-সমিতি গঠন কৰা; ৰেলী, সন্মিলন আৰু আন্দোলনকে ধৰি দলবোৰৰ বাবে এক যৌথ কাৰ্যসূচী প্ৰস্তুত কৰা; ৰাজ্য-অনুসৰি আসন ভাগ-বতৰাৰ খাপ খুৱাই লোৱা; মিত্ৰতাৰ বাবে এটা নাম পৰামৰ্শ দিয়া; ইয়াৰ বাবে সাধাৰণ সচিবালয় স্থাপন কৰা আৰু ই ভি এমৰ বিষয়ে আলোচনা কৰা আৰু নিৰ্বাচন আয়োগৰ সংস্কাৰৰ পৰামৰ্শ দিয়া ।

উল্লেখ্য যে সোমবাৰে ২৬ টা বিৰোধী দলৰ নেতাসকলে বেংগালুৰুত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ দ্বাৰা আয়োজিত বিৰোধী নৈশভোজতো উপস্থিত থাকে ।

লগতে পঢ়ক :Oppositions meeting : বিৰোধী ঐক্য শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ হ'ব ছোনিয়া-মমতাৰ সমীকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.