মিজোৰাম, 5 জানুৱাৰী: মিজোৰামৰ উদ্যোমী বিকাশ কেন্দ্ৰৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা বিভাগৰ সৈতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট কলকাতা ইনোৱেচন পাৰ্কৰ সহযোগত "মিজোৰাম কাইলাৱন 2020-এক্সিলেটৰ"ৰ কৰ্মী সকলৰ বাবে এখন অনলাইন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছিল 21 ডিচেম্বৰ 2020ৰ পৰা ৷ য'ত ফেশ্বন ডিজাইনৰ লগতে বিভিন্ন হস্ত কলাৰ প্ৰশিক্ষণ দিয়াৰ লগতে 6 মহীয়া প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হৈছিল ৷
উল্লেখ্য যে, প্ৰশিক্ষণ গ্ৰহণ কৰা সকলৰ ভিতৰত 20 গৰাকী প্ৰশিক্ষাৰ্থীক বাছনি কৰি তেওঁলোকৰ ব্যৱসায় উন্নত কৰাৰ বাবে বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰে ৷ প্ৰথম পৰ্যায়ত বাছনি কৰা 20 গৰাকী প্ৰশিক্ষাৰ্থীৰ পৰা পাৰদৰ্শিতাৰ ভিত্তিত দ্বিতীয় পৰ্যায়ত 10 গৰাকীক নিৰ্বাচন কৰি উলিয়াই পুনৰ 6 মাহৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে উদ্যোক্তা সকলে ৷
লগতে পঢ়ক: চৰকাৰে আঁচনি ৰূপায়নৰ নামত ধাৰৰ বোজা জাপিছে-ৰাছেল হুছেইন