আগৰতলা,15 মে': এটা বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত শুকুৰবাৰে ত্ৰিপুৰাত এজন 55 বৰ্ষীয় লোকে কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় ৷ হাতীৰ জাকটোৰ আক্ৰমণৰ ফলত নিৰঞ্জন দাস নামৰ লোকজনে মৃ্ত্যুক সাৱটি লোৱাৰ পৰিৱৰ্তে প্ৰদীপ দেৱনাথ নামৰ আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, খোৱাই জিলাৰ কল্যাণপুৰ মহকুমাৰ অন্তৰ্গত বাঘবৰ অঞ্চলত এই ঘটনা সংঘটিত হয় ৷ নিহত নিৰঞ্জন দাস আৰু প্ৰদীপ দেৱনাথ দুয়োজনেই নৰ্থ মহাৰাণীপুৰৰ পথাৰত কাম কৰি উভটি আহিছিল ৷ ঘৰ অভিমুখে গৈ থকাৰ সময়তে লোক দুজনক ৰাষ্ট্ৰীয় ঘাইপথতে হাতীৰ জাকটোৱে আক্ৰমণ কৰে ৷
ঘন অৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকটোৰ আক্ৰমণত নিৰঞ্জনে মৃত্যুক সাৱটি লোৱাৰ পৰিৱৰ্তে প্ৰদীপক গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে, নিৰঞ্জনৰ মৃতদেহটো হাতীৰ জাকটোৱে আগুৰি ৰখাৰ ফলত কেইবাঘণ্টাৰ পাচতহে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
লগতে পঢ়ক: ধলাইত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ