ETV Bharat / bharat

One person dies in landslide: দাৰ্জিলিঙত ভূমিস্খলনত এজন লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:27 PM IST

বৰষুণ সম্পৰ্কীয় এক ঘটনাত আজি দাৰ্জিলিঙত ভূমিস্খলনৰ ফলত এজন লোকৰ মৃত্যু হয় ৷ আৰক্ষীয়ে মানুহক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে তিস্তাৰ পানীত ডুব যোৱা অঞ্চলত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

landslide in Darjeeling
ভূমিস্খলনত এজন লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 25 আগষ্ট : দাৰ্জিলিঙৰ টকবৰ ব্লকৰ পাটাবুঙৰ দণ্ডা গাঁৱত শুকুৰবাৰৰ নিশাৰ বৰষুণৰ ফলত ভূমিস্খলনত এজন লোকৰ মৃত্যু হয় । পাহাৰীয়া গাঁওখনত হঠাৎ হোৱা ভূমিস্খলনে বহু ক্ষতিসাধন কৰে । এই ঘটনাত ৫৯ বছৰীয়া বাবুলাল ৰায়ৰ ঘৰ চূৰমাৰ হৈ যায় আৰু তেওঁ মৃত্যুমুখত পৰে ।

আনহাতে, অবিৰত বৰষুণৰ ফলত কালিম্পঙৰ ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত ভূমিস্খলনৰ সৃষ্টি হৈছে । ফলত যান-বাহন ব্যাহত হৈ পৰিছে । বৰষুণৰ বাবে তিস্তা নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে । নদীৰ পানী ওফন্দি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কেইবাটাও ঘৰত প্ৰৱেশ কৰিছে ।

যোৱা নিশাৰ পৰা সমগ্ৰ ৰাজ্যতে ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে । পাহাৰত হোৱা অবিৰত বৰষুণৰ ফলত এজন বৃদ্ধ তললৈ পৰি যায় আৰু প্ৰাণ হেৰুৱায় । আৰক্ষী প্ৰশাসনৰ তথ্য অনুসৰি মৃত লোকজন দাৰ্জিলিঙৰ পাটাবুং অঞ্চলৰ বাসিন্দা বাবুলাল ৰায় বুলি জানিব পৰা গৈছে ।

এই তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু তকবৰ সমস্তিৰ স্থানীয় ভাৰপ্ৰাপ্ত বিষয়া আলোক কান্তমণি থুলুঙ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্মী তাত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰাই স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই আনে । আৰক্ষীয়ে বাবুলাল ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গলৈ প্ৰেৰণ কৰিছে ।

আনহাতে, প্ৰশাসনে প্ৰচণ্ড বৰষুণৰ বাবে অঞ্চলটোত একাধিক ভূমিস্খলন হোৱাৰ আশংকা প্ৰকাশ কৰিছে । সেয়ে আৰক্ষীৰ সহায়ত পাহাৰৰ বহু ঘৰৰ পৰা ইতিমধ্যে মানুহক নিৰাপদে আঁতৰাই আনিছে ।

আনহাতে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ তিস্তা নদীৰ পানীৰে ভৰি পৰিছে । ইয়াৰ সমান্তৰালকৈ অঞ্চলটোৰ বহু ঘৰত তিস্তা নদীৰ পানী সোমোৱাৰ অভিযোগ উত্থাপন হৈছে । দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ মাইল ২৯ ত এজোপা গছ বাগৰি পৰে । অৱশ্যে কোনো বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱা নাই, কিয়নো অঞ্চলটোত যাতায়ত বন্ধ হৈ আছিল । এই মুহূৰ্তত তাত কেৱল ওৱান-ৱে যান-বাহন চলি আছে ।

স্থানীয় বাসিন্দা প্ৰতাপ ৰায়ে কয়, "মাজনিশা তিস্তা নদীৰ পানী ঘৰত সোমাই আহে। নিশাই আৰক্ষী আহি ঘৰটো খালী কৰিবলৈ কয় ।" ইফালে, ৰাস্তাটোৰ অৱস্থা অতিকে বেয়া । আমি আনকি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছিলো, কিন্তু কোন কামত নাহিল ।"

লগতে পঢ়ক : Shimla landslide: চিমলাৰ ভূমিস্খলনত ১৭ গৰাকী লোকৰ মৃত্যু; সন্ধানহীন কেইবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.