বিস্ফোৰক সামগ্ৰী আৰু ড্ৰাগছসহ গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক - কক্কৰ সমীপৱৰ্তী অঞ্চল অমৃতসৰ
বুধবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু পাঞ্জাৱ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এজন পাকিস্তানী চোৰাং ব্যৱসায়ী । ধৃত লোকজনৰ পৰা আৰক্ষীয়ে ২২ পেকেট হেৰইন, ২ টা এ কে এম ৰাইফল আৰু ৪ টা মেগজিন জব্দ কৰে ।
বিস্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক
নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: বুধবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু পাঞ্জাৱ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় এজন পাকিস্তানী চোৰাং ব্যৱসায়ীক । পাঞ্জাৱৰ সীমান্ত চকী কক্কৰ সমীপৱৰ্তী অঞ্চল অমৃতসৰত চলোৱা এই অভিযানত ধৃত লোকজনৰ পৰা জব্দ কৰা হয় কেতবোৰ আপত্তিজনক সামগ্ৰী । ধৃত লোকজনৰ পৰা আৰক্ষীয়ে ২২ পেকেট হেৰইন, ২ টা এ কে এম ৰাইফল আৰু ৪ টা মেগজিন জব্দ কৰে ।
সম্প্ৰতি লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে । লোকজনৰ লগতে এজন ভাৰতীয় লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে । দীৰ্ঘদিন ধৰি এই অবৈধ ব্যৱসায় চলাই আহিছে বুলি আৰক্ষীয়ে উল্লেখ কৰে ।