নেশ্যনেল ডেস্ক,১৪ মাৰ্চ: ছত্তিশগড়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মাওবাদীৰ কূটাঘাতমূলক কাৰ্য-কলাপ । বিভিন্ন সময়ত আৰক্ষীক লক্ষ্য কৰি মাওবাদীয়ে কিছুমান স্থানত আইইডি স্থাপন কৰি আহিছে । কিন্তু এইবাৰ আৰক্ষীক লক্ষ্য কৰি আইইডি স্থাপন কৰিবলৈ লওতে আইইডিটো বিস্ফোৰণ হৈ মৃত্যু হয় এজন মাওবাদীৰ । আৰক্ষীয়ে জনোৱা মতে বেচপাল-হুৰেপাল পথৰ সমীপত বিজাপুৰত এই ঘটনা সংঘটিত হয় ।
পথৰ নিৰাপত্তা অভিযানত জড়িত আৰক্ষীক লক্ষ্য কৰি গায়থাপাৰাৰ ওচৰত পশ্চিম বষ্টাৰ ডিভিজনৰ এজন চিপিআই মাওবাদীয়ে আইইডিটো স্থাপন কৰাৰ চেষ্টা কৰিছিল । স্থাপনৰ সময়ত আইইডিটো সক্ৰিয় হৈ পৰিছিল আৰু বিস্ফোৰণ হৈছিল । বষ্টাৰ আৰক্ষীয়ে জনোৱা মতে এই বিস্ফোৰণত নিহত মাওবাদীজন কমাণ্ডাৰ সুনীল পদম বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে সুনীল ভৈৰামগড় এলেকা সমিতিৰ আইইডি বিশেষজ্ঞ আছিল আৰু বিস্ফোৰণৰ পিছত সুনীলৰ মৃতদেহ এৰি থৈ সেই স্থানত উপস্থিত থকা কেইবাজনো মাওবাদী পলায়ন কৰে বুলি আৰক্ষীয়ে অৱগত কৰে । ঘটনাস্থলীৰ পৰা বেচপাল কেম্পৰ মিৰ্টুৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
ইফালে এয়া দ্বিতীয় ঘটনা য'ত মাওবাদীৰ জালৰ চিকাৰ হৈছে তেওঁলোকৰে সদস্য । যোৱা ১৮ ফেব্ৰুৱাৰীত উত্তৰ বষ্টাৰ বিভাগৰ ছোমজী সাহদেৱ নামৰ জ্যেষ্ঠ ডিভিচি সদস্য এজন কাংকাৰৰ আমাবেদাৰ ওচৰত আইইডি স্থাপনৰ সময়ত মৃত্যু হৈছিল ।
লগতে পঢ়ক: ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন