ETV Bharat / bharat

Omicron Variant of Corona : ভাৰত পালেহি অমিক্ৰণ - Booster Dose of Corona Vaccine

ভাৰতত প্ৰৱেশ কৰিছে কৰ’ণাৰ নতুন ভেৰিয়েন্ট কৰ’ণাৰ অমিক্ৰণে(Omicron variant of Corona reached india) ৷ কৰ্ণাটকত দুজনকৈ লোক আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীৰ এই নতুন প্ৰকাৰত ৷

omicron-variant-of-corona-reached-india
Omicron variant of Corona : ভাৰত পালেহি অমিক্ৰণ
author img

By

Published : Dec 2, 2021, 5:13 PM IST

Updated : Dec 2, 2021, 5:25 PM IST

নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰ : কৰ’ণাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণে বিশ্বৰ বহু দেশত প্ৰভাৱ পেলোৱাৰ পিছত সম্প্ৰতি ভাৰততো প্ৰৱেশ কৰিছে (Omicron variant of Corona)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে জনাইছে যে, দেশত এতিয়ালৈকে কৰ’ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ দুটা ঘটনা পোৱা গৈছে । এই দুয়োটা ঘটনা কৰ্ণাটকৰ বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে, বিশ্বৰ 29 খন দেশত কৰ’ণা মহামাৰীৰ নতুন প্ৰকাৰত আক্ৰান্ত লোকৰ সংখ্যা 373 গৰাকী লৈ বৃদ্ধি হৈছে ।

উল্লেখযোগ্য যে, কৰ’ণাৰ নতুন প্ৰকাৰ অমিক্ৰণে (New Variant of Corona Omicron) সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি কৰিছে । বিশ্বৰ বিভিন্ন দেশত য'ত য’ত মহামাৰীৰ ঘটনা প্ৰতিবেদিত হৈছে, এইটোও দেখা গৈছে যে ভেকছিনৰ দুয়োটা পালি লোৱো লোকৰ দেহতো এই ভাইৰাছ সংক্ৰমিত হৈ আছে । মাইক্ৰ' বায়’ল’জী বিশেষজ্ঞসকলে এতিয়া চৰকাৰক ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা লোকসকলকো ভেকছিনৰ বুষ্টাৰ পালি (Booster Dose of Corona Vaccine) দিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ।

সমগ্ৰ বিশ্বত কৰ’ণাৰ ভেকছিনৰ দুয়োটা পালি (Both doses of Corona Vaccine) গ্ৰহণ কৰা লোক সকলে নিজকে কৰ’ণাৰ পৰা সুৰক্ষিত বুলি বিবেচনা কৰি নিৰ্দেশনা সমূহ অনুসৰণ কৰা নাই ৷ কিন্তু বিশেষজ্ঞসকলে কয় যে, আমি এতিয়াও এই নিৰ্দেশনা সমূহ গুৰুত্বসহকাৰে অনুসৰণ কৰিব লাগিব ।

মাস্ক পিন্ধা, চেনিটাইজাৰৰ ব্যৱহাৰ অতিকৈ গুৰুত্বপূৰ্ণ ৷ PMCH ৰ অণুজীৱবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী আৰু বৰ্তমানৰ অধ্যাপক ড৹ সতীন্দ্ৰ নাৰায়ণ সিঙে কয় যে, ১৬ জানুৱাৰীৰ পৰা কৰ’ণাৰ প্ৰতিষেধক টিকাকৰণ আৰম্ভ হৈছে ৷ যেতিয়া এইটো আৰম্ভ হৈছিল, 28 দিনত আন এটা পালি দিয়া হৈছিল । এনে পৰিস্থিতিত, এতিয়া এই লোকসকলক পুনৰ বুষ্টাৰ পালি দিয়াৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

Last Updated : Dec 2, 2021, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.