ETV Bharat / bharat

Odisha train crash : ১৯৮১ চনৰ পৰা ভাৰতত কিমান ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল, জানো আহক...

author img

By

Published : Jun 3, 2023, 10:06 AM IST

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত বৰ্তমান ২৩৮ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ ৰো অধিক লোক আহত হৈছে (Odisha train crash) ৷ ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এদিনীয়া ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে ।

Odisha train crash
ওড়িশাৰ ৰে’ল দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ৩ জুন : শুকুৰবাৰে ওড়িশাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাই জোকাই গৈছে ৰাজ্য (Odisha train crash ) ৷ বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, শ্বালিমাৰ-চেন্নাই চেণ্ট্ৰেল কৰমণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ সৈতে হোৱা সংঘৰ্ষত বৰ্তমান পৰ্যন্ত ২৩৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ লগতে ৯০০ ৰো অধিক লোক আহত হোৱা তথ্য লাভ কৰা হৈছে ৷ জানিব পৰা মতে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

ভাৰতৰ ৰে’ল দুৰ্ঘটনাৰ কিছু ইতিবৃত্ত...

* ১৯৮১ চনৰ ৬ জুনত বিহাৰত সংঘটিত হৈছিল এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা । দলং এখন পাৰ হওতেই এখন ৰে’ল বাগমাটি নদীত পৰি যায় ৷ ফলত ৭৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয় ।

* ১৯৯৫ চনৰ ২০ আগষ্টত ফিৰোজাবাদৰ সমীপত স্থবিৰ কালিন্দি এক্সপ্ৰেছৰ সৈতে পুৰুষোত্তম এক্সপ্ৰেছৰ সংঘৰ্ষ হয় । এই ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছিল প্ৰায় ৩০৫ জন ।

* ১৯৯৮ চনৰ ২৬ নৱেম্বৰত পঞ্জাৱৰ খান্নাত ফ্ৰন্টিয়াৰ গোল্ডেন টেম্পল মেইলৰ তিনিটা ডবা লাইনচ্যুত হৈ জম্মু তাৱিছেলদাহ এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষ হয় ৷ ফলত ২১২ জন লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক : Odisha train accident: মোডী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সকলো কাৰ্যসূচী স্থগিত

* ১৯৯৯ চনৰ ২ আগষ্টত উত্তৰ সীমান্ত ৰেলৱে কাটিহাৰ সংমণ্ডলৰ গাইছাল ষ্টেচনত সংঘটিত হয় ৰে’ল দুৰ্ঘটনা (Gaisal station in North Frontier Railway's Katihar division) ৷ ব্ৰহ্মপুত্ৰ মেইল আৰু অৱধ আছাম এক্সপ্ৰেছৰ মাজত হোৱা সংঘৰ্ষত ২৮৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় ৷ ইয়াৰে ভিতৰত ভাৰতীয় সেনা, বিএছএফ বা চিআৰপিএফৰ জোৱানেই তাকৰ আছিল ।

* ২০ নৱেম্বৰ, ২০১৬ চনত কানপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ পুখৰাণত ইন্দোৰৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছৰ ১৪ টা ডবা লাইনচ্যুত হৈ ১৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৬০ জন লোক আহত হয় ।

* ২০০২ চনৰ ৯ ছেপ্টেম্বৰত হাওৰাৰ ৰফিগঞ্জ ৰে’ল দুৰ্ঘটনা সংঘটিত হয় ৷ ৰফিগঞ্জৰ ধাভে নদীত ৰাজধানী এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হৈ পৰি যায় ৷ ফলত ১৪০ জনতকৈ অধিক লোকৰ মৃত্যু হয় ।

* ১৯৬৪ চনৰ ২৩ ডিচেম্বৰত ৰামেশ্বৰ ঘূৰ্ণী বতাহৰ ফলত পাম্বনধনুস্কোডি যাত্ৰীবাহী ৰে’লখন দুৰ্ঘটনাত পতিত হয় ৷ ফলত ১২৬ জনৰো অধিক যাত্ৰীৰ মৃত্যু হয় ।

* ২০১০ চনৰ ২৮ মে’ত মুম্বাই অভিমুখী জ্ঞানেশ্বৰী এক্সপ্ৰেছ ৰে’লখন ঝাৰগ্ৰামৰ ওচৰত লাইনচ্যুত হৈ পৰে আৰু তেতিয়াই সন্মুখৰ পৰা অহা মালবাহী ৰে’লে খুন্দা মাৰে ৷ ফলত ১৪৮ জন যাত্ৰীৰ মৃত্যু হয় ।

লগতে পঢ়ক : Odisha train derailment update : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত 233 জন নিহত, আহত 900

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.