ETV Bharat / bharat

NSG report on Chandrababu Naidu arrests : চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰৰ সময়ত নিৰাপত্তা ত্ৰুটি, গৃহ মন্ত্ৰালয়লৈ এনএছজিৰ প্ৰতিবেদন

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 1:17 PM IST

চন্দ্ৰবাবু নাইডুৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এনএছজিয়ে গৃহ মন্ত্ৰালয় লৈ প্ৰতিবেদন দাখিল কৰিছে । প্ৰতিবেদন অনুসৰি তেওঁক গ্ৰেপ্তাৰ আৰু কাৰাবাসলৈ প্ৰেৰণৰ সময়ত নিৰাপত্তাত ত্ৰুটি আছিল ।

NSG report on Chandrababu Naidu arrests
চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰৰ সময়ত নিৰাপত্তা ত্ৰুটি

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ সন্দৰ্ভত এনএছজিয়ে (ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী) কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এক প্ৰতিবেদন দাখিল কৰিছে । এনএছজিৰ প্ৰতিবেদন অনুসৰি চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ আৰু কাৰাবাস প্ৰক্ৰিয়াৰ সময়ত তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিছু নিৰাপত্তাৰ ত্ৰুটিৰ কথা উল্লেখ কৰিছে ।

৮ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা ১০ ছেপ্টেম্বৰৰ পুৱা ১ বজালৈ তেওঁক গ্ৰেপ্তাৰ, এচিবি আদালতৰ ৰিমাণ্ড, কাৰাগাৰৰ নিৰাপত্তাৰ আদি বিষয় এনএছজিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । তাত উল্লেখ কৰা মতে ৯ ছেপ্টেম্বৰত পুৱা ৬ বজাত অন্ধ্ৰপ্ৰদেশ চিআইডিয়ে এনএছজিৰ সুৰক্ষাত থকা চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক পথেৰে বিজয়ৱাড়ালৈ স্থানান্তৰ কৰে । পাছত চিআইডিয়ে নাইডুক ১০ ছেপ্টেম্বৰৰ পুৱা ৩.৩০ বজাৰ পৰা বিজয়ৱাড়া জিজিএইচ (চৰকাৰী সাধাৰণ চিকিৎসালয়) আৰু এচিবি (দুৰ্নীতি বিৰোধী ব্যুৰ') আদালতলৈ স্থানান্তৰিত কৰে । প্ৰতিবেদন অনুসৰি নাইডুক এচিবি আদালত গৃহৰ বাহিৰত ৰখা হৈছিল য'ত সেই দিনটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নাছিল ।

এনএছজিৰ প্ৰতিবেদন অনুসৰি একেদিনাই, নিশা ৯.২৯ বজাত নাইডুক বৰষুণৰ মাজতে ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হৈছিল । এনএছজিয়ে ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত তেওঁৰ বৰ্তমানৰ নিৰাপত্তাৰ বিষয়েও উল্লেখ কৰে । প্ৰতিবেদন অনুসৰি কাৰাগাৰৰ চৌহদত প্ৰৱেশ কৰাৰ সময়ত নিৰাপত্তাৰ ত্ৰুটি দেখা গৈছিল । চন্দ্ৰবাবুৰ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰা এনএছচি কৰ্মচাৰীসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু এনএছজি মুখ্য কাৰ্যালয়ত এই প্ৰতিবেদন দাখিল কৰিছে ।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সিদ্ধাৰ্থ লুথৰাই কেন্দ্ৰীয় কাৰাগাৰত নাইডুৰ জীৱনৰ প্ৰতি ভাবুকিৰ বিষয়ে আশংকা উত্থাপন কৰা আৰু গৃহবন্দী কৰাৰ বাবে অনুৰোধ কৰাৰ কেইদিনমান পাছতে এনএছজিয়ে প্ৰতিবেদন দাখিল কৰিছে । ইফালে, জনসেনাৰ নেতা পৱন কল্যাণে নাইডুৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু তেওঁ আশাবাদী যে অন্ধ্ৰপ্ৰদেশ আৰু দেশৰ লোকসভা নিৰ্বাচনত জনসেনা পাৰ্টি আৰু তেলেগু দেশম পাৰ্টিৰ মাজৰ মিত্ৰতাত বিজেপিয়েও অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Ex AP CM in jail: ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত TDP শীৰ্ষ চন্দ্ৰবাবু নাইডু, স্নেহা উইঙৰ কুঠৰী হ’ব ঠিকনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.