নিউজ ডেস্ক,৪ ফেব্ৰুৱাৰী: পূৰ্বতকৈ মিজোৰামত ক'ভিড -১৯ত আক্ৰান্তৰ সংখ্যা লাহে লাহে কমি আহিছে ৷ ৩ ফেব্ৰুৱাৰীত ৰাজ্য়খনত ১৭০৭ টা নমুনা পৰীক্ষা কৰা হৈছিল কিন্তু ইয়াৰে এগৰাকীও লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱা নাই । জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২০২ টা নমুনা পৰীক্ষা কৰা হয় বুধবাৰৰ দিনটোত ৷ বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত ৪৪ টা নমুনা পৰীক্ষা কৰা হয় যদিও ইয়াৰেও এজনো লোক কৰ'ণাত আক্ৰান্ত হোৱা নাই । ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে পৰীক্ষা কৰা ১৪৬১ টা নমুনাৰ ভিতৰতো কোনো লোক ক'ভিডত আক্ৰান্ত হোৱা নাই ৷
উল্লেখ যে বুধবাৰৰ দিনটোত ৰাজ্য়খনত নতুনকৈ ৫ গৰাকী লোক সুস্থ হোৱাত হাস্পতালৰ পৰা অব্য়াহতি দিয়া হৈছে । আনহাতে ৪ ফেব্ৰুৱাৰীলৈ মিজোৰামত ৪৩৭৬ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ৪৩৪২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে যদিও ৯ গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্য়ে ৰাজ্য়খনত এতিয়াও ২৫ গৰাকী ক'ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক:তেজছকে ধৰি ১৫৬ টা প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিকল্পনা কৰিছে ভাৰতে