ETV Bharat / bharat

উত্তৰ প্ৰদেশত ধৰ্মীয়স্থানত একেলগে ৫ জনতকৈ অধিক লোকৰ প্ৰৱেশ নিষিদ্ধ

author img

By

Published : Apr 11, 2021, 2:03 PM IST

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ঘোষণা কৰা মতে এবাৰত ধৰ্মীয়স্থানত মাত্ৰ ৫ গৰাকী লোকেহে প্ৰৱেশ কৰিব পাৰিব । উত্তৰ প্ৰদেশ চৰকাৰে বৰ্ধিত ক'ভিড ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষ্ণৌ, কানপুৰ, প্ৰয়াগৰাজ আৰু বাৰাণসীকে ধৰি ৰাজ্যখনৰ ৪ খন জিলাৰ চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী উপস্থিতিৰ নিৰ্দেশ দিছে । বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব ।

উত্তৰ প্ৰদেশত ধৰ্মীয়স্থানত একেলগে ৫ জনতকৈ অধিক লোকৰ প্ৰৱেশ নিষিদ্ধ
উত্তৰ প্ৰদেশত ধৰ্মীয়স্থানত একেলগে ৫ জনতকৈ অধিক লোকৰ প্ৰৱেশ নিষিদ্ধ

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল: দেশৰ ভিন্ন প্ৰান্তত কৰ'ণাৰ দ্বিতীয় প্ৰবাহে ভয়ংকৰ ৰূপ ধাৰণ কৰে । বিভিন্ন ৰাজ্যই ইয়াৰ পিছতে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । কঠোৰ হৈছে উত্তৰ প্ৰদেশ চৰকাৰো । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ঘোষণা কৰা মতে এবাৰত ধৰ্মীয়স্থানত মাত্ৰ ৫ গৰাকী লোকেহে প্ৰৱেশ কৰিব পাৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ'ণা প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁ কয় যে প্ৰতিখন জিলাতে ইণ্টিগ্ৰেটেড কমাণ্ড আৰু কণ্ট্ৰ’ল চেণ্টাৰ স্থাপন কৰিব লাগে যাতে কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সহজ হয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কণ্টেইমেন্ট জ'নত চলাচল কঠোৰভাৱে নিষিদ্ধ কৰা উচিত । ইয়াৰ লগতে নাগৰিকসকলক প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰাৰ বাবে দুৱাৰ মুখৰ বিতৰণ প্ৰণালী কাৰ্যকৰীভাৱে পৰিচালনা কৰিব লাগে । যোগী আদিত্যনাথৰ মতে এই সকলো কাম ইণ্টিগ্ৰেটেড কমাণ্ড আৰু কণ্ট্ৰ’ল চেণ্টাৰৰ জৰিয়তে নিৰীক্ষণ কৰিব লাগিব । তেওঁ নিৰীক্ষণ সমিতিসমূহক সক্ৰিয় কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰ মাজতে নিশা মোৰাদাবাদ পৌৰ নিগমে নৈশ সান্ধ্য আইনৰ সময়ত ৰাজহুৱা স্থান সমূহত চেনিটাইজেশ্বন অভিযান চলায় । নিগমৰ আয়ুক্ত সঞ্জয় চৌহানে কয় যে ৰে'ল ষ্টেচন, বাছ আস্থান ,বজাৰ আৰু অন্যান্য স্থান যিবোৰত দিনৰ ভাগত ৰাইজৰ ভিৰ থাকে সেই স্থানত এই অভিযান চলোৱা হৈছে ।

উত্তৰ প্ৰদেশ চৰকাৰে বৰ্ধিত ক'ভিড ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষ্ণৌ, কানপুৰ, প্ৰয়াগৰাজ আৰু বাৰাণসীকে ধৰি ৰাজ্যখনৰ ৪ খন জিলাৰ চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী উপস্থিতিৰ নিৰ্দেশ দিছে । বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব ।

ভাৰতত শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৪৫ হাজাৰ ৩৮৪ গৰাকী লোক । দৈনিক হিচাপত সৰ্বাধিক আক্ৰান্তই এতিয়া স্বাভাৱিকতে দেশবাসীক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক:উত্তৰাখণ্ডত বনজুই নিয়ন্ত্ৰণৰ বাবে অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.