ETV Bharat / bharat

Nitish Kumar Delhi visit: বিৰোধীক শক্তিশালী কৰাৰ মন্ত্ৰ লৈ দিল্লীত নীতিশ - বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হ’ব বিশেষ আলোচনাত ৷ দুই মুখ্যমন্ত্ৰীৰ আলোচনালৈ দৃষ্টি নিৱদ্ধ সকলোৰে ৷ 31 আগষ্টৰ পূৰ্বে সমাধান সূত্ৰ লৈ দিল্লীৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নীতিশে ৷

Bihar CM Nitish Kumar Visit in Delhi
বিৰোধীক শক্তিশালী কাৰ মন্ত্ৰ লৈ আজি দিল্লীলৈ নীতিশ
author img

By

Published : Aug 17, 2023, 11:09 AM IST

নিউজ ডেস্ক, 17 আগষ্ট: আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ এই সাক্ষাৎ কালতে নীতিশ কুমাৰে কেজৰিৱালৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ আলোচনাত কৰাৰ সম্বাৱনা আছে ৷ বিশেষকৈ দিল্লীৰ ক্ষমতা আইন সন্দৰ্ভত আৰু বিৰোধী শিবিৰ মজবুত কৰাৰ সন্দৰ্ভত দুই মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হ’ব বুলি চৰ্চা লাভ কৰিছে ৷

কিয়নো বিৰোধী ঐক্য I.N.D.I.A ৰ এখন বৈঠক হ’ব 31আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ ৷ মুম্বাইত অনুষ্ঠিত হ'ব লগা বিৰোধীৰ বৈঠকৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰীয় নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে বিৰোধী ঐক্য দলৰ নেতাসকলৰ মাজত এক আলোচনা আৰু বৈঠক আৰম্ভ হৈছে ৷ যাতে মুম্বাইত হ’ব লগা বৈঠকৰ পূৰ্বে বুজাবুজি চুক্তি আৰু সহমতত উপনীত হ'ব পাৰে তাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে 4 আগষ্টত লালু প্ৰসাদ যাদৱ আৰু যাদৱৰ কন্যাক সাক্ষাৎ কৰিছিল । এতিয়া নীতিশ কুমাৰৰ সেই বৈঠকৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ৷ কাৰণ কংগ্ৰেছৰ ভূমিকাৰ বাবে কিছু অসন্তুষ্ট অৰবিন্দ কেজৰিৱাল ৷

ইফালে বিৰোধী ঐক্যৰ তৃতীয়খন বৈঠকত নীতিশ কুমাৰক I.N.D.I.A ৰ আহ্বায়ক হিচাপে মনোনীত কৰা হ'ব বুলি চৰ্চা চলিছে । অৱশ্যে এই সম্পৰ্কত নীতিশে স্পষ্টকৈ কয় যে, এই পদটো নিবিচাৰে ৷ লক্ষ্য কেৱল দলক একত্ৰিত আৰু বিৰোধীক শক্তিশালী কৰা । পিচে সময়লৈ অপেক্ষা কৰিব লাগিব সকলোৱে ৷

উল্লেখ্য যে, নীতিশ কুমাৰ দিল্লীত উপস্থিত হয় বুধবাৰেই ৷ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 5 ম মৃত্যু দিৱসত তেখেতলৈ শ্ৰদ্ধাঞ্জলিও জনায় কুমাৰে ৷

লগতে পঢ়ক:Rahul on 2 days visit to Ladakh: দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ ৰাওনা হোৱাৰ সম্ভাৱনা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.