ETV Bharat / bharat

Convenor of Opposition Alliance INDIA : বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক নহয় নীতিশ কুমাৰ - Nitish Kumar on opposition alliance convenor

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ আহ্বায়ক কোন হ'ব ? এজন সমন্বয়ক থাকিব নে কেইবাজনো ? এনে ধৰণৰ বহুতো প্ৰশ্ন উত্থাপিত হৈছে । নীতিশ কুমাৰক আহ্বায়ক বনোৱাৰ বিষয়েও আলোচনা হৈছে । এই সকলোবোৰৰ মাজতে নীতিশ কুমাৰে এটা ডাঙৰ মন্তব্য দি কয় যে আন লোকক আহ্বায়ক কৰা হ'ব । মোৰ কোনো ইচ্ছা নাই ।

Convenor of Opposition Alliance INDIA
Convenor of Opposition Alliance INDIA
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:36 PM IST

নিউজ ডেস্ক, ২৮ আগষ্ট : বৰ্তমান সমগ্ৰ দেশৰ দৃষ্টি মুম্বাইত অনুষ্ঠিত হ'বলগীয়া বিৰোধী দলসমূহৰ মিত্ৰজোঁটৰ বৈঠকৰ ওপৰত নিবদ্ধ হৈ আছে । আনহাতে, সকলোৰে মাজত এইটো চৰ্চিত হৈ আছে যে নীতিশ কুমাৰক ইণ্ডিয়া আহ্বায়ক হিচাপে মনোনীত কৰিব পাৰে । কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত পুনৰ কয় যে তেওঁ আহ্বায়ক বা আন কোনো পদ নিবিচাৰে । একে সময়তে, নীতিশ কুমাৰে আহ্বায়কৰ বিষয়ে স্পষ্টকৈ কৈছে যে আন কোনো ব্যক্তি হ'ব পাৰে, তেওঁ মাত্ৰ বিৰোধীক একত্ৰিত কৰাতহে নিয়োজিত হৈ আছে ।

উল্লেখ্য যে উপেন্দ্ৰ নাথ বৰ্মাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সোমবাৰে শ্ৰীকৃষ্ণ মেম'ৰিয়েল হলত উপস্থি হোৱা নীতিশ কুমাৰে বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক কোন হ'ব সেই সন্দৰ্ভত সেই বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে তেওঁ বিৰোধী মিত্ৰজোঁটত একো হ'ব নিবিচাৰে । তেওঁ এই কথা বাৰে বাৰে কৈ অহা বুলিও উল্লেখ কৰে । আনহাতে, এই বিষয়ত তেওঁৰ কোনো ইচ্ছা নাই বুলি উল্লেখ কৰি কয় যে তেওঁ সকলোকে একত্ৰিত কৰিব বিচাৰে । আহ্বায়ক সন্দৰ্ভত নীতিশ কুমাৰে কয় যে আন কাৰোবাক হয়তো আহ্বায়কৰ দায়িত্ব দিয়া হ'ব ।

"মই একো হ'ব নিবিচাৰোঁ । অন্য ব্যক্তিক দায়িত্ব দিয়া হ'ব । মই ব্যক্তিগতভাৱে একো নিবিচাৰোঁ ।" বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় ।

আনহাতে, নীতিশ কুমাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিবলৈ আহি তেওঁ তেজস্বী যাদৱক আগবঢ়াই দি কয় যে আপুনিয়ে কওক, মইতো ইতিমধ্যে সোমবাৰে কথা পাতিছোঁ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেজস্বী যাদৱেও আগভাগ লৈ কয় যে সকলোৱে বিৰোধী দলসমূহৰ বৈঠকলৈ আহিব আৰু সকলোৰে সন্মতিত যি সিদ্ধান্ত লোৱা হ'ব, ৰাইজে তাক গ্ৰহণ কৰিব । বৈঠকত নতুন দলবোৰেও যোগদান কৰিব ।

"সকলো বিৰোধী দলক একত্ৰিত কৰাটো আমাৰ প্ৰয়াস আৰু আমি ইয়াত সফল হৈছোঁ । এতিয়া মুম্বাইৰ বৈঠকত বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ'ব আৰু সকলোৰে সন্মতিত পুনৰ সিদ্ধান্ত লোৱা হ'ব । বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয় ।

উল্লেখ্য যে বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ প্ৰথম বৈঠক যোৱা ২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল । দ্বিতীয়খন বৈঠক বেংগালুৰুত অনুষ্ঠিত হৈছিল আৰু বৰ্তমান তৃতীয়খন বৈঠক মুম্বাইত অনুষ্ঠিত হ'বলৈ গৈ আছে । মুম্বাইৰ বৈঠকখন বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । পাটনাৰ বৈঠকত ১৫ টা দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে ২৬ টা দলে বেংগালুৰুৰ বৈঠকত অংশগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেজস্বী যাদৱেও কৈছে যে আৰু কিছু দলে যোগদান কৰিব পাৰে । এনে পৰিস্থিতিত মুম্বাইৰ বৈঠকত বিৰোধী দলৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Rozgar Mela 2023 : ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰায় ৫১০০০ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.