ETV Bharat / bharat

Monsoon fury : দেশজুৰি প্ৰকৃতিৰ তাণ্ডৱ, কেইবাজনো লোকৰ মৃত্যু - People death due to flood in India

ধাৰাসাৰ বৰষুণ, বজ্ৰপাত, ভূমিস্খলন আৰু বানৰ কৱলত পৰিছে দেশৰ কেইবাখনো ৰাজ্য । হিমাচল প্ৰদেশত ৯ জন লোকৰ মৃত্যু । ৰাজস্থানত বজ্ৰপাতৰ ফলত ৪ জন লোকৰ মৃত্যু । অসমত বানৰ ফলত ৫ জনৰ মৃত্যু ।

Monsoon fury
দেশজুৰি প্ৰকৃতিৰ তাণ্ড
author img

By

Published : Jun 27, 2023, 10:20 AM IST

নেশ্যনেল ডেস্ক,২৭ জুন : প্ৰকৃতিৰ ৰোষত দেশৰ কেইবাখনো ৰাজ্য । বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ধাৰাসাৰ বৰষুণৰ কৱলত পৰিছে কেইটাও অঞ্চল । প্ৰতিকূল বতৰৰ ফলত হিমাচল প্ৰদেশত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ৰাজস্থানত বজ্ৰপাতৰ ফলত ৪ জন লোকৰ মৃত্যু হয় । বৰষুণ আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যবোৰত বহু পথ বন্ধ হৈ পৰিছে ।

জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত প্ৰায় ৩০১ টা পথ বন্ধ হৈ পৰিছে । প্ৰচণ্ড বৰষুণৰ ফলত পাণ্ডোহ-কুল্লু অঞ্চলত মাণ্ডি চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত অটৰ ওচৰৰ খোতিনাল্লাহ অঞ্চল বানৰ কৱলত পৰিছে । মাণ্ডি প্ৰশাসনৰ বিষয়াসকলে কোৱা মতে পুনৰুদ্ধাৰৰ কাম চলি আছে আৰু বিস্ফোৰক ব্যৱহাৰ কৰি পথ বন্ধ কৰা গধুৰ শিলবোৰ ভাঙি পেলোৱা হৈছে । বিষয়াসকলে জনোৱা মতে ২৪ জুনৰ পৰা প্ৰতিকূল বতৰৰ বাবে সংঘটিত বিভিন্ন ঘটনাত এতিয়ালৈকে ৯ গৰাকী লোকৰ মৃত্যু হয় ।

ইফালে ৰাজস্থানত বজ্ৰপাতৰ ফলত তিনিটা পৃথক স্থানত ৪ গৰাকী লোক নিহত হয় আৰু বহুলোক আহত হয় । প্ৰশাসনে জনোৱা মতে দেওবাৰে সন্ধিয়া পালি জিলাত বজ্ৰপাতৰ ফলত দিনেশ নামৰ এগৰাকী লোকৰ মৃত্যু হয় । বাৰণৰ পাটপাডীত বজ্ৰপাতৰ ফলত দুই ভাই-ভনীৰ মৃত্যু হয় । চিতোৰগড়ত এগৰাকী ১০ বছৰীয়া কিশোৰীও বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হয় ।

ইফালে, অসমত ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো জিলা বানৰ কৱলত পৰিছে । বানে কোনো কোনো অঞ্চলত বিধ্বংসী ৰূপ লৈছে । দেওবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ সামান্য হ্ৰাস পাইছে যদিও বান পৰিস্থিতি উন্নত হোৱা নাই । শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত বছৰৰ প্ৰথমটো বানত ৫ গৰাকী লোকৰ মৃত্যু হৈছে ।

শেহতীয়া আইএমডিৰ প্ৰতিবেদন অনুসৰি ২৭, ২৮ আৰু ২৯ জুনত অসম আৰু মেঘালয়ৰ ১০ খনতকৈও অধিক জিলাত আৰু ২৯ জুনত অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । অৱশ্যে অসম চৰকাৰৰ বিষয়াসকলে জনোৱা মতে বৰষুণৰ ফলত এই বছৰ ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা যোৱা বছৰৰ তুলনাত কম ।

বতৰ বিজ্ঞান বিভাগৰ মতে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত ২৭ জুনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ২৯ জুনলৈ পূব ৰাজস্থানতো ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে । ইয়াৰ উপৰিও পৰৱৰ্তী ৩-৪ দিনত মধ্য প্ৰদেশ, ছত্তীশগড় আদি অঞ্চলত প্ৰচণ্ড বৃষ্টিপাত, বজ্ৰপাত হ'ব পাৰে । কেৰালাতো মঙলবাৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । কৰ্ণাটক, গুজৰাট আৰু মধ্য মহাৰাষ্ট্ৰত ৩০ জুনলৈকে বৰষুণ হৈ থাকিব ।

লগতে পঢ়ক :Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.