নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : সোমবাৰে লক্ষ্ণৌৰ ইটাউঞ্জা অঞ্চলৰ পুখুৰীত ট্ৰেক্টৰ-ট্ৰলী বাগৰি পৰাৰ ফলত ৯ জন লোক নিহত হোৱাৰ লগতে ১২ জনৰো অধিক লোক আহত হয় (tragic road accident in Lucknow) । আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত প্ৰায় ৪৬ জন লোকে ট্ৰেক্টৰ-ট্ৰলীখনত যাত্ৰা কৰি আছিল (9 persons killed in Tractor accident in Lucknow) ।
আৰক্ষীয়ে সূত্ৰ অনুসৰি, উক্ত লোকসকল সীতাপুৰৰ আৰু তেওঁলোক সকলোৱে উনাই দেৱী মন্দিৰলৈ গৈ আছিল । এখন দ্ৰুতবেগী ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত ট্ৰেক্টৰ-ট্ৰলীখন পুখুৰীটোত বাগৰি পৰে ।
নিহতকেইজনৰ ভিতৰত নজনক ট্ৰলীখনে পিষ্ট কৰে আৰু তেওঁলোকৰ ঘটনাস্থলীতে মৃত্যু হয় (Tractor collided wit Truck in UP) । ঘটনাৰ পিছত ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই বহু লোকক উদ্ধাৰ কৰা হয় আৰু তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ।
জানিব পৰা মতে, নৱৰাত্ৰিৰ প্ৰথমদিনা গোটেই মানুহখিনি ট্ৰেক্টৰ-ট্ৰলীত উঠি ইটাউঞ্জাৰ উনাই দেৱী মন্দিৰলৈ গৈ আছিল (Unai Devi temple in Itaunja in Lucknow) । পুৱা প্ৰায় 10 বজাত উক্ত ট্ৰেক্টৰ-ট্ৰলীখন আস্নাহাৰ গাদ্দিপুৰৱা গাঁৱত উপস্থিত হয় । ঠিক সেই সময়তে বেহতাৰ দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকৰ ট্ৰেক্টৰ-ট্ৰলীখনৰ সৈতে মুখামুখী সংঘৰ্ষ হয় ।
উক্ত সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে ট্ৰেক্টৰ-ট্ৰলীখন ছিটিকি গৈ ৰাস্তাৰ কাষৰ এটা ডাঙৰ পুখুৰীত পৰে । তাৰ ফলতেই উক্ত মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয় ।
লগতে পঢ়ক :হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, নিহত 10 জন