ETV Bharat / bharat

লস্কৰ-ই-তৈবাৰ 3 সদস্যক দহ বছৰৰ কাৰাদণ্ড

author img

By

Published : Jun 16, 2021, 5:59 PM IST

নান্দেদত সংঘটিত লস্কৰ-ই-তৈবাৰ কূটাঘাট মূলক ঘটনাৰ অভিযুক্ত ৩ সন্ত্ৰাসবাদীক ১০ বছৰৰ কাৰাদণ্ড নিয়া(NIA) আদালতৰ । আদালতে মহম্মদ চাদিক আৰু মহম্মদ আক্ৰামক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডলৈ প্ৰেৰণ কৰে । লগতে মহম্মদ মোজাম্মিলক ভাৰতীয় দণ্ড বিধি আইন(IPC) আৰু ইউএপিএৰ(UAPA) সংশ্লিষ্ট ধাৰাৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু অস্ত্ৰ আইনৰ কেইবাটাও ধাৰাৰ অধীনত পাঁচ বছৰৰ বাবে দণ্ডিত কৰাৰ উপৰিও ৫,০০০ টকাৰ জৰিমনা আৰোপ কৰে ।

LeT operatives
৩ সন্ত্ৰাসবাদীক NIA আদালতৰ ১০ বছৰৰ কাৰাদণ্ড ঘোষণা

নেশ্যনেল ডেস্ক, ১৬ জুন : মুম্বাইৰ নিয়া(NIA)ৰ আদালতে মঙলবাৰে নান্দেদৰ এলইটি মডিউল (Nanded LeT module case) গোচৰত তিনিজন লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ঘোষণা কৰে । নিয়া(NIA)ৰ এগৰাকী বিষয়াই জনোৱা মতে মহম্মদ মোজাম্মিলক ভাৰতীয় দণ্ডবিধি আইন(IPC) আৰু ইউএপিএৰ(UAPA) সংশ্লিষ্ট ধাৰাৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু অস্ত্ৰ আইনৰ কেইবাটাও ধাৰাৰ অধীনত পাঁচ বছৰৰ বাবে দণ্ডিত কৰাৰ উপৰিও ৫,০০০ টকাৰ জৰিমনা আৰোপ কৰে । আনহাতে আদালতে মহম্মদ চাদিক আৰু মহম্মদ আক্ৰামক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰেৰণ কৰে ।

উল্লেখ্য যে এ টি এছ(ATS) মুম্বাইয়ে ২০১২ চনৰ ৩১ আগষ্টত অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আগ্নেয়াস্ত্ৰ উদ্ধাৰ সম্পৰ্কীয় অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰিছিল । প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পোৱা মতে অভিযুক্ত কেইজনে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু হৰকত-উল-জিহাদ-ই-ইছলামী (HUJI)ৰ সদস্য আছিল । ইয়াৰ পিছতে ২০১৩ চনৰ ২৪ জুনত নিয়াই তদন্তৰ দায়িত্ব গ্ৰহণ কৰে ।

বিষয়াগৰাকীৰ মতে তদন্তটোৱে পোহৰলৈ আনিছে যে, আক্ৰাম বৰ্তমান চৌদি আৰৱৰ ৰিয়াদত বসতি স্থাপন কৰা হায়দৰাবাদৰ বাসিন্দা ৱান্টেড অভিযুক্ত মহম্মদ আব্দুল মজিদৰ সহায়ত চালক হিচাপে চাকৰি বিচাৰি চৌদি আৰৱলৈ গৈছিল । চৌদি আৰৱত থকা সময়ছোৱাত আক্ৰামক বিভিন্ন LeT সদস্য আৰু কৰ্মীসকলৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল, যাৰ ভিতৰত আছে পলাতক অভিযুক্ত হায়দৰাবাদৰ বাসিন্দা ছিদ্দিক বিন উছমান ওৰফে আবু হানজালা আৰু বাংগালুৰুৰ বাসিন্দা মহম্মদ ছাইদ ফৈজল ওৰফে ওস্তাদ।

ভাৰতৰ বিভিন্ন প্ৰান্তত বিশিষ্ট হিন্দু নেতা, সাংবাদিক, ৰাজনীতিবিদ আৰু আৰক্ষী বিষয়াসকলক হত্যা কৰাৰ বাবে কু-অভিসন্ধি ৰচনা কৰিছিল আক্ৰাম আৰু আন অভিযুক্তসকলে । আনকি চৌদি আৰৱৰ ৰিয়াদ আৰু দাম্মামত ষড়যন্ত্ৰমূলক বৈঠক অনুষ্ঠিত কৰিছিল । তাৰ পিছতে আক্ৰামক ভাৰতৰ বিভিন্ন স্থানত সন্ত্ৰাস সৃষ্টিৰ বাবে ভাৰতলৈ পঠিয়াইছিল ।

লগতে পঢ়ক:এণ্টিলিয়া বোমাতংক: পুনৰ দুজনক গ্ৰেপ্তাৰ NIAৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.