ETV Bharat / bharat

জম্মু-কাশ্মীৰত NIAৰ জালত গজনৱী বাহিনীৰ উগ্ৰপন্থী

জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিলে গজনৱী বাহিনীৰ উগ্ৰপন্থী ছাহিদ নৱীদক । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই শ্ৰীনগৰ বিমানবন্দৰৰ পৰা নৱীদক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত আৰু তেওঁৰ সহযোগীয়ে সাম্প্ৰদায়িক অশান্তি সৃষ্টিৰ উদ্দেশ্যেৰে জম্মুৰ মন্দিৰসমূহত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ।

author img

By

Published : Apr 8, 2021, 3:00 PM IST

জম্মু-কাশ্মীৰত NIAৰ জালত গজনৱী বাহিনীৰ উগ্ৰপন্থী
জম্মু-কাশ্মীৰত NIAৰ জালত গজনৱী বাহিনীৰ উগ্ৰপন্থী

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জালত পৰিল গজনৱী বাহিনীৰ উগ্ৰপন্থী ছাহিদ নৱীদ । ধৃত ছাহিদ নৱীদৰ ঘৰ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত । যোৱা ১৭ ফেব্ৰুৱাৰীত ছাহিদৰ সহযোগী শ্বেৰ আলীক জম্মু বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ছাহিদ নৱীদ আৰু তেওঁৰ সহযোগী শ্বেৰ আলীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ উদ্দেশ্যেৰে জম্মুৰ মন্দিৰসমূহত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ।

এই পৰিকল্পনা যুগুত কৰাৰ বিষয়ে উমান পোৱাৰ পিছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই তদন্ত আৰম্ভ কৰিছিল । অৱশেষত দুমাহৰ অন্তত শ্ৰীনগৰ বিমানবন্দৰৰ পৰা ছাহিদ নৱীদক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰৰ পৰা ভাৰতৰ পুঞ্চ জিলাৰ বালাকোট অঞ্চললৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাত ছাহিদে মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছিল ।

ভাৰতৰ ভূ-খণ্ডত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ, অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ লগতে বিভিন্ন সন্ত্ৰাসবাদী গোটৰ কাৰ্যকলাপ সম্পন্ন কৰাত মুখ্য সমন্বয়ক আৰু সহায়ক হিচাপে কাম কৰিছিল । মুখপাত্ৰজনে লগতে কয় যে, তেওঁ পুঞ্চ জিলাত সংঘটিত আন বহুতো ঘটনাৰে জড়িত । আনহাতে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰৰ বালাকোট খণ্ডৰ ডাব্বি অঞ্চলৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰাত পাকিস্তানৰ দুজন সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে শ্বেৰ আলীৰ বিৰুদ্ধে ।

মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, পিছত বিগত বৰ্ষৰ ১৩ ডিচেম্বৰত পুঞ্চ জিলাৰ চুৰাণকোটৰ পোছানা অঞ্চলত সেনাৰে হোৱা সংঘৰ্ষত গজনৱী বাহিনীৰ সন্ত্ৰাসবাদী দুজন নিহত হৈছিল । তিনিটা পিষ্টল আৰু এটা ইম্প্ৰ'ভাইজড এক্সপ্ল'চিভ ডিভাইচৰ উপৰিও বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ অবৈধ ব্যৱসায়ৰে শ্বেৰ আলী জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে । শ্বেৰ আলীৰ পিতৃ মুস্তাক আহমেদ আৰু ভগ্নী ৰাস্কীম আখতাৰৰ পৰা এই অস্ত্ৰ-শস্ত্ৰবোৰ জব্দ কৰা হৈছিল আৰু বিগত বৰ্ষৰ ১১ ছেপ্টেম্বৰত পুঞ্চ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশ সম্পৰ্ক: পাৰস্পৰিকভাৱে লাভাম্বিত দুয়ো দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.