ETV Bharat / bharat

NEET aspirants suicides : কোটাত পুনৰ NEET প্ৰাৰ্থীৰ আত্মহত্যা

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:49 PM IST

কোটাত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা অব্যাহত আছে । NEETৰ দুই প্ৰাৰ্থীৰ পুনৰ আত্মহত্যা । দুমাহৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰসমূহত পৰীক্ষা স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰশাসনৰ ।

NEET aspirants suicides
কোটাত পুনৰ NEET প্ৰাৰ্থীৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,২৮ আগষ্ট : ৰাজস্থানৰ কোটাত পুনৰ এনইইটি প্ৰাৰ্থীৰ আত্মহত্যা । প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে জনাজাত কোটাত দুগৰাকী প্ৰাৰ্থীয়ে আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ লগে লগে চহৰখনত প্ৰশিক্ষাৰ্থীৰ মৃত্যুৰ সংখ্যা ২২ লৈ বৃদ্ধি পাইছে । আত্মহত্যাৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন । জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে দুমাহৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰসমূহত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে । আৰক্ষীয়ে জনোৱা মতে এগৰাকী প্ৰাৰ্থীয়ে জৱাহৰ নগৰত থকা তেওঁৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভৱনৰ ষষ্ঠ মহলাৰ পৰা আবেলি প্ৰায় ৩.১৫ বজাত জঁপিয়াই । পৰীক্ষা দিয়াৰ পাছতে শিক্ষাৰ্থীগৰাকীয়ে আত্মহত্যা কৰে ।

অধ্যয়নকাৰী বা আৱাসিক শিক্ষাৰ্থীসকলক মানসিক সমৰ্থন আৰু সুৰক্ষা প্ৰদান কৰাৰ বাবে কোটাত চলি থকা সকলো প্ৰশিক্ষণ প্ৰতিষ্ঠানতে সময়ে সময়ে অনুষ্ঠিত হৈ থকা পৰীক্ষাবোৰ পৰৱৰ্তী দুমাহৰ বাবে তাৎক্ষণিকভাৱে স্থগিত ৰাখিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে ।

প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে শিক্ষাৰ্থীজনক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিন্তু তেওঁৰ ৰাস্তাতে মৃত্যু হয় । মহাৰাষ্ট্ৰৰ লাতুৰ জিলাৰ বাসিন্দা তথা দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে তিনি বছৰ ধৰি চহৰখনত এনইইটি ইউজিৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু তেওঁৰ পিতৃ-মাতৃৰ সৈতে তালৱান্দি অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰি আছিল । আৰক্ষীয়ে জনোৱা মতে ছাত্ৰ-ছাত্ৰীৰ কোঠাৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাই ।

শিক্ষাৰ্থীজনৰ মৃত্যুৰ ৪ ঘণ্টা পাছতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আন এগৰাকী শিক্ষাৰ্থীয়ে কুনহাদী আৰক্ষী থানাৰ অন্তৰ্গত তেওঁৰ ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰে । শিক্ষাৰ্থীজনৰ ভগ্নী আৰু সম্পৰ্কীয় ভাতৃ ফ্লেটটোত উপস্থিত হোৱাৰ পাচতে এই কথা পোহৰলৈ আহে । বিহাৰৰ ৰোহতাছ জিলাৰ শিক্ষাৰ্থীগৰাকীয়ে এবছৰ ধৰি কোটাৰ এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানত এনইইটি ইউজিৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু তেওঁৰ ভগ্নী আৰু সম্পৰ্কীয় ভাতৃৰ সৈতে ভাড়াতীয়া হিচাপে আছিল ।

লগতে পঢ়ক :Article 370 case : অনুচ্ছেদ ৩৭০ গোচৰত ওকালতি কৰা শিক্ষকক নিলম্বন; স্বাধীনতাক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.