ETV Bharat / bharat

Tomatoes stolen : ৪০০ কেজি বিলাহী চুৰি, থানাত এজাহাৰ কৃষকৰ - Nearly 400 kg of tomato stolen in Pune

বিলাহীৰ আকাশলংঘী মূল্য । পুনৰ কৃষকৰ পৰা চুৰি হ'ল বিলাহী । ৪০০ কেজি বিলাহী চুৰিৰ অভিযোগ কৃষকৰ । চুৰিৰ সন্দেহত থানাত গোচৰ ।

Tomatoes stolen
৪০০ কেজি বিলাহী চুৰি, থানাত এজাহাৰ কৃষকৰ
author img

By

Published : Jul 21, 2023, 6:07 PM IST

নেশ্যনেল ডেস্ক,২১ জুলাই : ধন, সোণ আদিৰ দৰে মূল্যৱান সামগ্ৰীৰ তালিকাত সোমাইছে বিলাহী ! আনকি বিলাহীৰ সুৰক্ষাৰ বাবে কিছুমানে নিৰাপত্তাৰক্ষীও নিয়োগ কৰিছে । কিন্তু তাৰ পাচতো বিলাহীক সুৰক্ষা দিয়াত ব্যৰ্থ কৃষক । এইবাৰ মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী কৃষকে ৪০০ কিলোগ্ৰাম বিলাহী চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে । কৃষকগৰাকীৰ মতে তেওঁৰ চুৰি হোৱা বিলাহীৰ মূল্য প্ৰায় ২০ হাজাৰ টকা ।

উল্লেখ্য যে বজাৰত বিলাহীৰ মূল্য বহু গুণে বৃদ্ধি হৈছে । গৃহিনীৰ পাকঘৰৰ অতি দৰকাৰী এই পাচলিৰ ৰাণীৰ মূল্য কোনো কোনো ৰাজ্যত প্ৰতি কেজিত ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত হৈছে । যাৰ বাবে বিভিন্ন ঠাইৰ পৰা বিলাহী চুৰিৰ ঘটনাও পোহৰলৈ আহিছে । পুনেৰ কৃষক অৰুণ ধোমে আৰক্ষীক অভিযোগ কৰিছে যে দেওবাৰে তেওঁ খেতিপথাৰৰ পৰা বিলাহী চপাই শ্ৰমিকৰ সহায়ত এখন বাহনত শিৰুৰ তহচিলত থকা তেওঁৰ ঘৰলৈ আনিছিল । অৰুণে বিলাহীবোৰ বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ।

কিন্তু সোমবাৰে পুৱা অৰুণে সাৰ পাই দেখে যে তেওঁৰ প্ৰায় ৪০০ কিলোগ্ৰাম ওজনৰ বিলাহী তাত নাই । ৰাতিটোৰ ভিতৰতে তেওঁৰ ঘৰত থকা বিলাহীৰ ২০ টা বাকচ নাইকীয়া হৈছে । তেওঁ বিলাহীবোৰ চুৰি হোৱাৰ সন্দেহ কৰিছে । যাৰ বাবে কৃষক অৰুণে স্থানীয় আৰক্ষী থানাত উপস্থিত হৈ এটা অভিযোগ দাখিল কৰিছে । আৰক্ষী থানাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কোৱা মতে তেওঁলোকে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে ।

ইফালে খবৰ অনুসৰি পুনেৰ আন এগৰাকী কৃষকে শেহতীয়াকৈ ১৮,০০০ বাকচ বিলাহী বিক্ৰী কৰি ৩ কোটি টকা উপাৰ্জন কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈ পৰিছে । শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এজন সমাজবাদী পাৰ্টিৰ কৰ্মীয়ে বজাৰত বিলাহী বিক্ৰীত সহায় কৰিবলৈ দুজন বাউন্চাৰ নিয়োগ কৰিছিল ।

লগতে পঢ়ক :Himachal Crorepati Tomato Farmer : বিলাহী বিক্ৰী কৰি কোটিপতি হিমাচলৰ কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.