ETV Bharat / bharat

Manipur violence: কুকি উগ্ৰপন্থীৰ সৈতে SoO চুক্তি প্ৰত্যাহাৰ নকৰিলে পদক সমৰ্পণৰ ঘোষণা ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খেলুৱৈৰ - গৃহমন্ত্ৰী অমিত শ্বাহ

মণিপুৰত শান্তি ঘূৰাই আনিবলৈ 11 গৰকী ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত খেলুৱৈয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীক এখন স্মাৰকপত্ৰ দাখিল কৰে (National awardee sportspersons Press meet)৷

National awardee sportspersons Press meet
কুকি উগ্ৰপন্থীৰ সৈতে SoO চুক্তি প্ৰত্যাহাৰ নকৰিলে পদক সমৰ্পণৰ ঘোষণা ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খেলুৱৈৰ
author img

By

Published : May 30, 2023, 11:00 PM IST

তেজপুৰ, 30 মে’: মণিপুৰত এতিয়াও শান্ত হোৱা নাই পৰিস্থিতি (Manipur violnece news update) ৷ শেহতীয়াকৈ মণিপুৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ 29 মে’, সোমবাৰে নিশা মণিপুৰৰ উপস্থিত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah visits to Manipur) ৷ মন্ত্ৰীগৰাকীয়ে নিশাৰ পৰাই বিভিন্ন দল সংগঠনৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনত পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে (SoO with Kuki militants)৷

National awardee sportspersons Press meet
কুকি উগ্ৰপন্থীৰ সৈতে SoO চুক্তি প্ৰত্যাহাৰ নকৰিলে পদক সমৰ্পণৰ ঘোষণা ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত খেলুৱৈৰ

ইয়াৰ মাজতে মঙলবাৰে মণিপুৰৰ 11 গৰকী ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত খেলুৱৈয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীক এখন স্মাৰকপত্ৰ দাখিল কৰি কয় যে, যদি কুকি উগ্ৰপন্থীৰ সৈতে চুক্তি soO (এছঅ'ও) প্ৰত্যাহাৰ কৰাত বিফল হয় তেন্তে তেওঁলোকে লাভ কৰা পদকসমূহ সমৰ্পণ কৰিব (National awardee sportspersons Press meet)।

ইয়াৰ পূৰ্বে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত খেলুৱৈসকলে ৰাজ্যখনৰ বৰ্তমানৰ সংঘৰ্ষৰ বুজ ল'বলৈ মণিপুৰত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্মাৰকপত্ৰ দাখিল কৰিবলৈ গৈছিল ৷ অৱশ্যে তেতিয়ালৈকে তেওঁলোক চুৰাচান্দপুৰলৈ ৰাওনা হোৱাৰ সময়ত গৃহমন্ত্ৰীক লগ কৰিব পৰা নাছিল ।

স্মাৰকপত্ৰখনত স্বাক্ষৰিত ৰাষ্ট্ৰীয় খেলুৱৈসকল হৈছে ধ্যানচাঁদ বঁটা প্ৰাপ্ত এল অনিতা চানু (ভাৰোত্তোলক), অৰ্জুন বঁটা প্ৰাপ্ত নামিৰাকপাম কুঞ্জৰাণী দেৱী (ভাৰোত্তোলক), অৰ্জুন বঁটা প্ৰাপ্ত লাইশ্ৰাম সৰিতাদেৱী (বক্সাৰ), পদ্মশ্ৰী আৰু অৰ্জুন বঁটা প্ৰাপ্ত অইনাম বেম্বেম দেৱী (ফুটবল), অৰ্জুন বঁটা প্ৰাপক অলিম্পিয়ান নংগাংবাম চনিয়া চানু, অৰ্জুন বঁটা প্ৰাপ্ত মায়াংগ্লাম্বাম বিমোলজিৎ (উশ্বু), অৰ্জুন বঁটা প্ৰাপক ৱাংখেম সন্ধ্যাৰাণী দেৱী (উশ্বু), অৰ্জুন বঁটা প্ৰাপ্ত য়ুম্নাম সনাথোই (উশ্বু), অৰ্জুন বঁটা প্ৰাপক লিকমাবাম শুশিলা দেৱী (জুডো), ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰাপক আৰু পদ্মশ্ৰী বঁটা প্ৰাপক চাইখোম মীৰাবাই চানু (ভাৰোত্তোলক) আৰু অৰ্জুন বঁটা প্ৰাপ্ত এম সুৰঞ্জয় (বক্সিং)।

আজি মণিপুৰ প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলে কয় যে, তেওঁলোকে ৰাজ্যখনত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্তমানৰ সংকটৰ বুজ ল'বলৈ স্মাৰকপত্ৰ দাখিল কৰাৰ কথা আছিল ৷ কিন্তু তেওঁক লগ কৰিব নোৱাৰিলে কিয়নো তেওঁ চিএছঅ' আৰু মীৰা পাইবি প্ৰতিনিধিসকলক লগ কৰি চুৰাচান্দপুৰলৈ ৰাওনা হৈছিল।

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত খেলুৱৈসকলে ৰাজ্যখনত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ বৃহৎ কোম্পানী মোতায়েন কৰাৰ পিচতো লোকসকলক হত্যা কৰি আৰু ঘৰ জ্বলাই মণিপুৰৰ অখণ্ডতাক কুকি উগ্ৰপন্থীয়ে দিয়া ভাবুকিৰ প্ৰতি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে ৷ লগতে কুকি উগ্ৰপন্থীসকলক নিৰীহ নাগৰিকক আক্ৰমণ কৰাত বাধা দিয়াৰ বাবে অৰ্ধসামৰিক বাহিনীৰ নিষ্ক্ৰিয়তাক গৰিহণা দিয়ে।

খেলুৱৈসকলে কুকি উগ্ৰপন্থীৰ সৈতে অভিযান স্থগিত (এছ.ও.ও.) চুক্তি তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে । এই স্মাৰকপত্ৰত থকা অন্যান্য দাবীসমূহ হৈছে অতি সোনকালে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনা, ৰাজ্যখনৰ একতা আৰু অখণ্ডতা সুৰক্ষিত কৰা, অবৈধ প্ৰব্ৰজনকাৰীসকলক তেওঁলোকৰ নিজ নিজ দেশলৈ প্ৰেৰণ কৰা ৷

লগতে পঢ়ক: Protesting Wrestlers Threating : গংগাত নিক্ষেপ কৰিব পদক; আমৰণ অনশনৰ ভাবুকি বজৰং পুনিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.