ETV Bharat / bharat

জয়াললিতা আৰু কৰুণাৰ অনুপস্থিতিত তামিলনাডুত বিৰাজ কৰা ৰাজনৈতিক শূন্যতাৰ কল্প কাহিনী - এম চি ৰাজন

ইটিভি ভাৰত চেন্নাইৰ ব্যুৰ’ চীফ এম চি ৰাজনৰ কথাৰে- তামিলনাডুত জয়াললিতা আৰু কৰুণাৰ অনুপস্থিতিত বিৰাজ কৰা ৰাজনৈতিক শূন্যতাৰ কল্প কাহিনী...

Myth of a Political Vacuum
তামিলনাডুত বিৰাজ কৰা ৰাজনৈতিক শূন্যতা
author img

By

Published : Feb 11, 2021, 10:38 PM IST

2021 চনৰ বিধানসভা নিৰ্বাচন হৈছে ব্যাপক জনসমৰ্থন থকা বিশাল ব্যক্তিত্বৰ অধিকাৰীকেইজনৰ অনুপস্থিতিত ৰাজ্যৰ আইনসভাৰ বাবে অনুস্থিত হোৱা প্ৰথমখন নিৰ্বাচন আৰু ই ৰাজনৈতিক ভেদাভেদ নিৰ্বিশেষে সকলোকে প্ৰভাৱিত কৰিব ৷ অতীতত তামিলনাডুত কংগ্ৰেছৰ কে কামৰাজ আৰু ডি এম কেৰ চি এন অন্নাডুৰাইৰ দৰে বলিষ্ঠৰ ব্যক্তিৰ উপস্থিতি আছিল ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিভাধৰ বক্তা মুথুভেল কৰুণানিধি আৰু এম জি আৰ বুলি পৰিচিত আকৰ্ষণীয় ব্যক্তিত্বৰ এম জি ৰামাচন্দ্ৰন আৰু জয়াললিতা দৰে ব্যক্তিসকলৰ উপস্থিতিৰে তামিলনাডুৰ ৰাজনৈতিক আৱহাৱা গমমাই আছিল ৷ কিছুমাহ পূৰ্বে জয়াললিতা আৰু কৰুণানিধিৰ বিয়োগৰ পাচত তামিলনাডুত যে ৰাজনৈতিক শূন্যতাই বিৰাজ কৰিবলৈ ধৰিছে, সেই কথা সময়ে সময়ে আলোচিত হৈ আহিছে ৷ এই আলোচনা কেৱল ৰাজনৈতিক উচ্চাকাংক্ষা থকা সাংস্কৃতিক জগতৰ প্ৰসিদ্ধ চেলিব্ৰিটিসকলৰ মাজতে আৱদ্ধ হৈ থকা নাই ৷ বৰঞ্চ ই বিজেপিৰ বাবেও খোৰাক যোগাইছে ৷ গেৰুৱা দলটোৱে বিশ্বাস কৰে যে, ৰাজনৈতিক স্থান দখল কৰাৰ এয়াই হৈছে সুবৰ্ণ সুযোগ ৷ ইফালে ৰজনীকান্তে ৰাজনীতিৰ সাগৰখনত ডুব মৰাৰ পূৰ্বেই আঁতৰি আহিল ৷ আনহাতে কমল হাচানেও বিশ্বাস এৰি দিয়া নাই ৷ তেওঁ নিজকে সৃষ্টি হোৱা শূন্যতা পূৰণ কৰাৰ উপযুক্ত ব্যক্তিজন বুলি বিবেচিনা কৰিছে ৷ কিন্তু যদি 2019 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সংকেত বুজিব পৰা গ’লহেতেন, তেন্তে এক ৰাজনৈতিক আৰু নেতৃত্বৰ শূন্যতা যে অস্তিত্বহীন সেই কথা বুজিব পৰা গ’লহেতেন ৷

চেন্নাই :

দ্ৰাবিড়ীয় পৃষ্ঠভূমিত ৰাজনীতিয়ে কেতিয়াবা কেতিয়াবাহে আশ্চৰ্যকিত কৰে ৷ 1967 চনৰ পৰাই যেতিয়া কংগ্ৰেছক ক্ষমতাৰ পৰা বিতাৰিত কৰা হৈছিল, তেতিয়াৰে পৰাই ৰাজ্যখন ডি এম কে নাইবা এ আই এ ডি এম কেৰ দ্বাৰা শাসিত হৈ আহিছে ৷ কেইবা দশকজুৰি জাতীয়তাবাদী ৰাজনৈতিক স্থানে কেৱল ‘মাৰ্জিন’তে ৰৈছে আৰু লোকসভাই হওঁক নাইবা বিধানসভাই হওঁক, প্ৰতিটো নিৰ্বাচনৰ ফলাফলে এই সাক্ষ্য বহন কৰে ৷ এতিয়া এ আই এ ডি এম কেৰ সৰ্বেসৰ্বা জয়াললিতা আৰু তেওঁৰ চিৰবৈৰী কৰুণানিধিৰ বিয়োগৰ ফলত যিসকলে এই দশকজোৰা দৃশ্যপট সলনি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে “ৰাজনৈতিক শূন্যতা” এটা প্ৰিয় শ্ল’গান হিচাপে পৰিগণিত হৈছে ৷ ৰজনীকান্ত আছিল প্ৰথমজন ব্যক্তি, যিয়ে এই ৰাজনৈতিক শূন্যতাৰ বিষয়টো উত্থাপন কৰিছিল ৷ ইয়াৰ পাচতেই আহিল কমল হাচান ৷ তেওঁ নিজকে উদ্ধাৰকাৰী ‘মেচিহা’ হিচাপে ঘোষণা কৰিলে ৷ আনহাতে গেৰুৱা বাহিনীয়ে দ্ৰাৱিড়ীয় আদৰ্শ আৰু ঐতিহ্যক উপহাস কৰি ইতিমধ্যে ঘোলা হোৱা পানীখিনিত বৰশী টুপাবলৈ চেষ্টা চলালে ৷ তেওঁলোকে কিবা এটা আচোঁৰো লগাবলৈ সক্ষম হ’লনে ?

ইয়াৰ বিপৰীতে দ্ৰাৱিড়ীয়ান ৰাজনীতি এতিয়াও জীয়াই আছে আৰু সুষ্ঠ হৈ আছে ৷ এই দুয়োজন নেতাৰ অনুপস্থিতিত ডি এম কে হওঁক নাইবা এ আই ডি এম কেয়েই হওঁক, কোনোটো দলেই বিকলো হৈ পৰা নাই আৰু ৰাজ্যৰ ৰাজনীতি পৰিচালনা কৰিবা পৰাকৈ নিজৰ প্ৰাসঙ্গিকতাও হেৰুওৱা নাই ৷

স্বীকাৰ কৰিব লাগিব যে, ৰাজনৈতিক জগতখনত আধিপত্য বিস্তাৰ কৰা দুয়োজন বিশাল ব্যক্তিয়ে ৰাষ্ট্ৰীয় দলবোৰৰ যিকোনো বৃহৎ পদক্ষেপেই অস্বীকাৰ কৰিছিল ৷ তথাপিও, তেওঁলোক গুচি যোৱাৰ পাচতো ব্যাপক দ্ৰাৱিড়ীয় আধিপত্যক প্ৰত্যাহ্বান কৰাসকলৰ বাবে কোনো অনুকুল পৰিৱেশ গঢ়ি উঠা নাই ৷ তামিলনাডুৱে ৰাষ্ট্ৰীয় প্ৰৱণতাটোৰ বিৰোধিতা কৰাতো আছিল 2019 চনৰ লোকসভা নিৰ্বাচনৰ এটা উল্লেখযোগ্য ঘটনা ৷ তামিলনাডুত ‘মোদী মেজিক’ৰ ভেলেকি চলা নাছিল ৷

2016 চনৰ ডিচেম্বৰ মাহত জয়াললিতাৰ মৃত্যুৰ পাচতেই বিধানসভা নিৰ্বাচনত ক্ষমতা অক্ষুন্ন ৰখা কৰুণানিধিৰো 2018 চনৰ আগষ্ট মাহত মৃত্যু ঘটে আৰু এনেকৈয়ে এইটোৱেই হ’ল প্ৰথমটো নিৰ্বাচন, যিটো তেওঁলোক দুয়োজনৰে অনুপস্থিতিত অনুষ্ঠিত হৈছে ৷ ষ্টেলিনে যদিও 2016 চনৰ নিৰ্বাচনী প্ৰচাৰত ডি এম কেক পৰিচালনা কৰিছিল আৰু কান্ধ দিছিল, কিন্তু লোকসভা নিৰ্বাচন আছিল তেওঁৰ বাবে অগ্নি পৰীক্ষা ৷

ফলাফল ঘোষণাৰ সময়ত ষ্টেলিন আৱেগিক হৈ পৰিছিল আৰু অন্না অৰিভালয়ামৰ দলৰ মূখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত তেওঁ সম্বোধনী ভাষণ দিয়াৰ পৰত দুয়ো গালেৰে চকুলো বৈ আহিছিল ৷ ৰাজনৈতিক দিগন্তত এজন নেতাৰ জন্ম হৈছিল আৰু মোদী বিৰোধী অভিযান হিচাপে তেওঁৰ সহযোগীসকলে এক উৎকৃষ্ট ফচল বুটলিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ নেতৃত্বত নিৰপেক্ষ জোঁটবন্ধনে নিৰংকুশতা পাইছিল আৰু এ আই এ ডি এম কে আৰু বিজেপিয়ে মুখ চেলেকিবলগীয়া হৈছিল ৷ 39 খন লোকসভা অসনৰ ভিতৰত ডি এম কে নেতৃত্বত তেওঁলোকে লাভ কৰিছিল 38 খন ৷

তেওঁৰ কৃতিত্ব হ’ল, দলীয় সন্থাসমূহক তেওঁৰ অধীনলৈ আনিবলৈ সক্ষম হোৱা লগতে কৰুণানিধিৰ ৰাজনৈতিক সম্পত্তিৰ আন দাবীদাৰসমূহক দূৰত ৰাখিবলৈ সক্ষম হোৱা ৷ আনকি কৰুণানিধিৰ জীৱিত কালতো দলৰ প্ৰমুখ হিচাপে অভিষেক হোৱাৰ পূৰ্বে তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ এম কে আলাগিৰিক দলৰ পৰা অপসাৰণ কৰা হৈছিল ৷ তেতিয়াৰে পৰা দক্ষিণৰ ‘ষ্ট্ৰংমেন’ হিচাপে পৰিচিত আলাগিৰি ৰাজনৈতিক বনবাসলৈ যাবলগীয়া হৈছিল ৷ পুনৰ তেওঁক ৰাজনীতিত উজলি উঠা দেখা নগ’ল ৷ বিশেষ সুবিধা প্ৰদান নকৰাকৈয়ে বাগ্মি কানিমুঝিকো অগ্ৰণী নেতা হিচাপে ৰখা হৈছে ৷ কিন্তু শাসনাধিষ্ঠ দল এ আই এ ডি এম কেয়ে বিজেপিৰে মিত্ৰতা স্থাপন কৰাৰ ফলত ডি এম কেৰ বাবেহে অনুকূল পৰিৱেশ গঢ় দিয়ে আৰু ই ষ্টেলিনলৈ এক সুবৰ্ণ সুযোগ আনি দিয়ে, যিটো তেওঁ হেৰুওৱা উচিত নহ’ব ৷

এ আই এ ডি এম কে আপাততঃ যাক বিভাজনৰ এক গড় বুলিব পাৰি, তথাপিও এই দলত কোনো এজন নেতাৰ অভাৱ হোৱা পৰিলক্ষিত হোৱা নাই ৷ ভি কে শশিকলাই নিজৰ অভিপ্ৰায় জাহিৰ কৰি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যদিও মুখ্যমন্ত্ৰী ইড়াপ্পাড়ি পালানিস্বামীৰ (ইপিএছ) উপস্থিতিকো কোনো কাৰণতে উলাই কৰিব পৰা নাযায় ৷ কাৰ্যালয়ত নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ তেওঁক ৰাজনৈতিক চাতুৰ্যতাৰ পৰিচয় দি এজন খুবেই উচ্চাকাংক্ষী উপ মুখ্যমন্ত্ৰী নিযুক্তি দিছিল ৷ আনকি লোকসভা নিৰ্বাচন তথা 22 টা বিধানসভা সমষ্টিৰ বাবে সমান্তৰালকৈ অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত এ আই এ ডি এম কেয়ে তেওঁৰ নেতৃত্বত 9 খন আসনত জয়ী হ’বলৈ সক্ষম হৈছিল আৰু এই সুবাদতেই অনিশ্চয়তাত থকা চৰকাৰখনো ৰক্ষা পৰিছিল ৷

এই কথাত কোনো দ্বিমত নাই যে ক্ষমতাই হৈছে মূল, যি এ আই এ ডি এম কেক একগোট কৰি ৰাখিছে ৷ যি নহওক, মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ই পি এছে এজন কৃষকৰ ছবিখনৰ পৰা এম জি আৰ আৰু জয়াললিতাৰ সাঁচতে খুবেই সাৱধানতাৰে নিজৰ এখন জনদৰদী ছবি তৈয়াৰ কৰিছিল ৷ ই পি এছ হৈছে এ আই এ ডি এম কেৰ গড় হিচাপে পৰিচিত পশ্চিম তামিলনাডুৰ ‘কংগু’ অঞ্চলৰ নেতা আৰু এই অঞ্চলত আধিপত্য বিৰাজ কৰা তেওঁৰ নিজা সম্প্ৰদায় গাউণ্ডাৰ সকলৰ তেওঁৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে ৷

অন্ততঃ দলৰ ভিতৰৰে এটা মহলৰ বাবে হওঁক, তেওঁ যে এজন নেতা হিচাপে আৱিৰ্ভাৱ হৈছিল সেই কথাৰ প্ৰমাণ তেতিয়া পোৱা গৈছিল, যেতিয়া তেওঁ বিনিয়োগ বিচাৰি বিদেশলৈ যাত্ৰা কৰাৰ প্ৰাক মূহুৰ্ত্তত চেন্নাই বিমান বন্দৰত দলৰ কেইবাজনো নেতাই তেওঁৰ ভৰি চুই আশীস বিচাৰিছিল ৷ শশীকলা আৰু তেওঁৰ ভতিজা টি টি ভি দীনাকৰণৰ সৈতে তেওঁৰ যি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে, সেয়া সম্ভৱতঃ জয়াললিতাৰ পূৰ্বৰ বিশ্বস্ত হোৱাৰ বাবেই নাইবা ইড়াপাড়ীৰ কৃষক হোৱাৰ ফলতেই হৈছে ৷ দলটোক একত্ৰিত কৰি ৰাখিবলৈ দুয়োজনৰে মাজত এক মীমাংসা অস্বীকাৰ কৰিব নোৱাৰি ৷ যিহেতু বিজেপিয়ে দুয়োজনৰে মাজত সম্পৰ্ক সুধৰাবলৈ চেষ্টা কৰি আছে, এক সন্মানজনক চুক্তিৰে এই ব্যৱধান নোহোৱা হ’ব পাৰে ৷

এই কথাটো সত্য যে, 2014 চনৰ লোকসভা নিৰ্বাচনত এ আই এ ডি এম কেয়ে লাভ কৰা ভোটৰ হাৰ 44.3 ৰ পৰা 31.26 শতাংশলৈ হ্ৰাস হৈছিল ৷ যি নহওক, ৰাজনৈতিক পণ্ডিতসকলক ভুল প্ৰতিপন্ন কৰি ডি এম কেৰ ফাললৈও জনশ্ৰোত বোৱা নাছিল ৷ জয়াললিতাৰ অনুপস্থিতিতো দলটো লেখত ল’ব পৰাকৈ শক্তিশালী হৈ আছে ৷

সম্প্ৰতি যি ধৰণৰ পৰিস্থিয়ে বিৰাজ কৰিছে, ক’ব পাৰি যে ৰাজনৈতিক শূন্যতা এক অস্তিত্বহীন বিষয় আৰু হয়তো এই বিধানসভা নিৰ্বাচনেই 2019 চনৰ লোকসভা নিৰ্বাচনৰ দৰে আকৌ এবাৰ এই কথাৰ প্ৰমাণ দিব ৷

এম চি ৰাজন, ব্য়ুৰ’ চীফ, ইটিভি ভাৰত চেন্নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.