ETV Bharat / bharat

Myanmar air strikes: বিদ্ৰোহী সংগঠনক লক্ষ্য কৰি ম্যানমাৰত এয়াৰ ষ্ট্ৰাইক

ম্যানমাৰত বাহৰ পাতি থকা বিদ্ৰোহী সংগঠসমূহক লক্ষ্য কৰি বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Myanmar air strikes target rebel camp near border)৷ এই বোমা বিস্ফোৰণৰ ফলত সীমান্তত থকা মিজোৰামৰ গাঁওবাসী বাৰুকৈয়ে আতংকিত হোৱা পৰিলক্ষিত হৈছে (panic in Mizoram village)৷

Myanmar air strikes target rebel camp near border, panic in Mizoram village
বিদ্ৰোহী সংগঠনক লক্ষ্য কৰি ম্যানমাৰত এয়াৰ ষ্ট্ৰাইক
author img

By

Published : Jan 12, 2023, 1:50 PM IST

গুৱাহাটী, 12 জানুৱাৰী: ম্যানমাৰস্থিত বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সেনা ৷ মঙলবাৰে ম্যানমাৰ মিজোৰাম সীমান্তত বাহৰ পাতি থকা বিদ্ৰোহী সংগঠনসমূহক লক্ষ্য কৰি কৰা হয় এই এয়াৰ ষ্ট্ৰাইক (Myanmar air strike) ৷ প্ৰাপ্ত বাতৰি অনুসৰি এই বিমান আক্ৰমণত দুটা বোমা ভাৰতৰ ভূমিৰ ফালেও নিক্ষেপ কৰা হৈছিল (Myanmar air strikes target rebel camp near border) ৷ চম্ফাই জিলাৰ এজন বিষয়াই জনোৱা অনুসৰি, এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই, কিন্তু এই আক্ৰমণত সীমান্তৰ ওচৰৰ এখন নদীৰ পাৰত এখন ট্ৰাক ক্ষতিগ্ৰস্ত হৈছে ।

ইয়াৰ পিছতে এটা বিদ্ৰোহী সংগঠনৰ এজন সদস্যই নিজৰ নাম প্ৰকাশ নকৰিবলৈ কৈ সংবাদমাধ্যমক জনায় যে সামৰিক যুঁজাৰু বিমানে মঙলবাৰে তেওঁলোকৰ শিবিৰত কেইবাটাও বোমা নিক্ষেপ কৰে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ সেই সময়ত ম্যানমাৰ আৰু মিজোৰমাৰ সীমাস্বৰূপ টিয়াউ নদীৰে কিছু সাধাৰণ লোকো পাৰ হৈ গৈ আছিল ৷ জেটেৰ নিক্ষেপ কৰা দুটা বোমাৰ বিস্ফোৰণৰ পৰা তেওঁলোকে কথমপি ৰক্ষা পৰে ৷

ফাৰকাৱান ভিলেজ কাউন্সিলৰ সভাপতি ৰামাইয়ে ভাৰতীয় ভূখণ্ডত বোমা বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে (bombs inside mizoram Indian territory)। তেওঁ উল্লেখ কৰে যে বোমা বিস্ফোৰণত তিনিখন যুঁজাৰু বিমান আৰু দুখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল। বোমা বিস্ফোৰণৰ ফলত টিয়াউ নদীৰ ওচৰত ৰখাই থোৱা এখন ট্ৰাকো ক্ষতিগ্ৰস্ত হৈছিল ।

ৰামাই কয় যে বোমা বিস্ফোৰণৰ পিছত ম্যানমাৰৰ ফালৰ পৰা কিছু লোকে সীমান্ত অতিক্ৰম কৰি আঘাতপ্ৰাপ্ত অৱস্থাত আমাৰ গাঁৱলৈ আহিছিল। আমাৰ গাঁৱৰ মানুহে আহতসকলক সুস্থ হোৱাত সহায় কৰিছে । এই বোমা বিস্ফোৰণৰ পিছৰে পৰা গাঁৱৰ লোকসকল যথেষ্ট আতংকিত হৈ আছে (panic in Mizoram village)৷

লগতে গাঁও পৰিষদৰ সভাপতি ৰামাই কয়, " সীমান্ত অঞ্চলত সেনা বাহিনীয়ে পুনৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈ ভাৰতীয় সেনাই এই সন্দৰ্ভত কোনো তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰা নাই ৷ অৱশ্যে ভাৰতীয় সেনাৰ এজন বিষয়াই শেহতীয়াকৈ দিয়া এক মন্তব্য প্ৰকাশ কৰিছিল যে, "সীমান্তত হৈ থকা অশান্ত পৰিস্থিতিৰ বিষয়ে আমি অৱগত আৰু সেইবাবে আমি পৰিস্থিতিৰ বুজ লৈ আছো ৷" এই মন্তব্যই এই আক্ৰমণৰ আঁৰত ভাৰতীয় সেনা জড়িত থকাৰ ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক: Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.