ETV Bharat / bharat

Muslim man assaulted in Train: জয় শ্ৰীৰাম নোকোৱাৰ বাবেই চলন্ত ৰে’লত মুছলমান ব্যক্তিক অপদস্থ

author img

By

Published : Jan 14, 2023, 10:22 PM IST

জয় শ্ৰীৰাম নোকোৱাৰ বাবে এগৰাকী মুছলমান ব্যক্তিক চলন্ত ৰে’লত কৰা হ’ল শাৰীৰিকভাৱে অপদস্থ ৷ দিল্লী-প্ৰতাপগড় পদ্মাৱত এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷ ইতিমধ্যেই এই ঘটনাৰে জড়িত 2জনক আটক কৰিছে ৰে’লৱে আৰক্ষীয়ে ৷

Muslim man assaulted in Train
জয় শ্ৰীৰাম নোকোৱাৰ বাবেই চলন্ত ৰে’লত মুছলমান ব্যক্তিক অপদস্থ

নেশ্যনেল ডেস্ক, 14 জানুৱাৰী: ‘জয় শ্ৰীৰাম’ নোকোৱাৰ বাবেই পুনৰ শাৰীৰিক উৎপীড়ন আৰু নিৰ্যাতনৰ বলি হ’ল এগৰাকী মুছলমান ব্যক্তি(Muslim man forced to raise religious slogan) ৷ জয় শ্ৰীৰাম বুলি নোকোৱাৰ বাবেই ট্ৰেইনৰ পৰা গতিয়াই উলিয়াই দিয়া হয় ব্যক্তিগৰাকীক(Muslim man forced to say Jai Shree Ram) ৷ দিল্লী-প্ৰতাপগড় পদ্মাৱত এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনানুসৰি, উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ বাসিন্দা আছিম হুছেইন নামৰ পিতলৰ ব্যৱসায়ীগৰাকী দিল্লী-প্ৰতাপগড় পদ্মাৱত এক্সপ্ৰেছেৰে( Delhi Pratapgarh Padmawat Express) যাত্ৰা কৰাৰ সময়তে কেইজনমান উদণ্ড যুৱকে তেখেতক জয় শ্ৰীৰাম বুলি ক’বলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু জয় শ্ৰীৰাম বুলি কোৱাৰ পৰা বিৰত থাকে আছিম হুছেইন ৷ ইয়াৰ পিচতেই উদণ্ড যুৱকৰ দলটোৱে আছিম হুছেইনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে এটা প্লেটফৰ্মত গতিয়াই বাহিৰ কৰি দিয়ে(Muslim man assaulted in train) ৷ ইতিমধ্যেই এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷

লগতে পঢ়ক : Shootout For 10 Rupees : সুৰাৰ বটলৰ দাম 10 টকা বেছিকৈ লোৱাৰ বাবেই গুলীচালনা

এই ঘটনাৰ পিচতে শুকুৰবাৰে ভুক্তভোগী আছিম হুছেইনে অচিনাক্ত যুৱককেইজনৰ বিৰুদ্ধে ৰে’লৱে আৰক্ষীক দাখিল কৰে এখন এজাহাৰ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা ৷ চোৰ বুলিও ৰে’লত বহু লোকে আছিম হুছেইনক মাৰপিট কৰাৰ কথা উল্লেখ কৰিছে এজাহাৰত ৷ আছিম হুছেইনৰ কাপোৰ কানি ফালি পেলোৱাৰো অভিযোগ উত্থাপন কৰিছে এজাহাৰত(Muslim man beaten up by youths in train) ৷

আছিম হুছেইনৰ এজাহাৰৰ আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাৰে জড়িত দুই যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত যুৱকদ্বয় চতীশ কুমাৰ আৰু সুৰুয বুলি সদৰী কৰিছে ৰে’লৱে আৰক্ষীয়ে ৷ ঘটনাৰে জড়িত আন আনসকলৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Fear of Postmortem: মৰণোত্তৰ পৰীক্ষা নহ'ব, মৃতদেহ কান্ধত লৈ দৌৰ মাৰিলে মৃতকৰ আত্মীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.