নিউজ ডেস্ক, ১২ ডিচেম্বৰ : বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ ইটালী ভ্রমণক কেন্দ্ৰ কৰি এটি সংগ্ৰহালয় উদ্বোধন কৰা হৈছে কলকাতাৰ যোৰাসাঁকোৰ ঠাকুৰবাৰীত । সংগ্ৰহালয়টো উদ্বোধন কৰে ইটালীৰ কলকাতা কনছুলেট জেনেৰেল তথা ৰবীন্দ্রভাৰতী বিশ্ববিদ্যালয়ৰ উপাচার্য শুভ্রকমল মুখাৰ্জীয়ে ৷ উল্লেখ্য যে ভাৰত-ইটালীৰ মাজৰ সম্পর্কৰ এইবছৰ 75 বছৰ সম্পূৰ্ণ হৈছে । এই বিষয়টোৰ কথা চিন্তা কৰিয়ে ৰবীন্দ্রনাথৰ ইউৰোপ ভ্ৰমণৰ সবিশেষ আৰু হেৰাই যোৱা ইতিহাস দাঙি ধা হৈছে এই সংগ্রহালয়টোত ।
এই বিষয়ে ইটালীৰ কলকাতা কনছুলেট জেনেৰেল জিয়ানলুকা ৰুবাগট্টিয়ে কয়, "ইটালীৰ প্রধানমন্ত্রীয়ে ভাৰতলৈ আহি নৰেন্দ্র মোদীৰ সৈতে বিভিন্ন বিষয়ত বৈঠকত মিলিত হয় । ইয়াৰ ভিতৰত ইটালী আৰু ভাৰতৰ সম্পর্কক মজবুত কৰিবলৈ পাঁচটা পদক্ষেপ গ্ৰহণ কৰিব বুলিও জনাইছিল । তাৰে ভিতৰত এটা হৈছে যোৰাসাঁকো ঠাকুৰবাৰীত ৰবিন্দ্ৰনাথ ঠাকুৰৰ ইটালী ভ্রমণ সম্পৰ্কীয় সংগ্রহালয় ৷ ৰোমতো আমি এনেধৰণৰ এটি মিউজিয়াম নিৰ্মাণ কৰিছো । ইটালীৰ বিদেশ মন্ত্রালয়ৰ উদ্যোগত কলকাতাত এই সংগ্রহাৱয় নিৰ্মাণ কৰা হৈছে ।"
উল্লেখ্য যে ৰবীন্দ্রনাথ ঠাকুৰে তেওঁৰ জীৱনকালত তিনিবাৰ ইটালী ভ্ৰমণ কৰিছে । 1878 চনত 17 বছৰ বয়সতে তেওঁ প্রথমবাৰ ইটালীলৈ গৈছিল ৷ ইয়াৰ পিছত 1925 আৰু 1926 চনত একেৰাহে দুবাৰ তেওঁ চৰকাৰৰ আমন্ত্রণত ইটালীলৈ যায় । তেওঁৰ এই তিনিবাৰ ইটালী ভ্রমণৰ ইতিহাস আৰু ছবি দাঙি ধৰা হৈছে যোৰাসাঁকো ঠাকুৰবাৰী সংগ্রহালয়ত ।
এই সন্দৰ্ভত ৰবীন্দ্রভাৰতী বিশ্ববিদ্যালয়ৰ উপাচার্য শুভ্রকমল মুখাৰ্জীয়ে কয়, "ইটালী চৰকাৰৰ উদ্যোগত আৰু ৰবীন্দ্রভাৰতী বিশ্ববিদ্যালয়ৰ সহযোগিতাত এই সংগ্রহালয়টো উদ্বোধন কৰা হৈছে । তেওঁৰ তিনিবাৰ ইটালী ভ্রমণলৈ যোৱা নথিপত্র পোৱা গৈছে । তাৰ ভিত্তিতে এই যাৱতীয় তথ্য তথা ছবি সংগ্রহ কৰা হৈছে ৷ আগন্তুক দিনত আৰু কিবা নতুন তথ্য পালে এই গেলেৰীত সংযোজন কৰা হ'ব ।"
উল্লেখ্য যে 1926 চনত ইটালী ভ্রমণৰ সময়ত মুছোলিনিক সাক্ষাত কৰিছিল ৰবীন্দ্রনাথ ঠাকুৰে । তেওঁৰ আমন্ত্রণক্ৰমেই ৰবীন্দ্ৰনাথ ইটালীলৈ গৈছিল ৷ ইয়াক লৈ অৱশ্যে বিভিন্ন ধৰণৰ বিতর্কও আছে ৷ কিন্তু বৰ্তমান সেই সকলো বিতর্ক পৰিহাৰ কৰি দুর্মূল্য ইতিহাসক নতুন প্রজন্মৰ সন্মুখত দাঙি ধৰা আৰু সংৰক্ষণ কৰাটোৱেই হৈছে গুৰুত্বপূর্ণ কথা । অৱশ্যে মুছোলেনিক লৈ যি বিতর্ক হৈছিল সেই ইতিহাস বা তেওঁক সাক্ষাতৰ তথ্য পোৱা গ'লেও মুছোলিনিৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনো ফটো পোৱা হোৱা নাই ।
যোৰাসাঁকোৰ ঠাকুৰবাৰীৰ ৰামপ্রসাদ ভৱনৰ তৃতীয় মহলাত আছে এই সংগ্রহালয়টো । ইয়াত আছে কবিগুৰুৰ তিনিবাৰৰ ইটালী ভ্রমণৰ ডুখৰীয়া ইতিহাস । ইটালীৰ আঠখন চহৰ ভ্ৰমণৰ লগতে 41 দিন তাত কটোৱাৰ পৰা আৰম্ভ কৰি চাৰিবাৰ তাত তেওঁ বক্তব্য প্ৰদান কৰিছিল । ইয়াৰ উপৰি চৰকাৰী আমন্ত্রণত ইটালীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে বৈঠকতো অংশগ্রহণ কৰিছিল বিশ্বকবিয়ে । এই সংগ্ৰহালয়টোত ৰখা হৈছে সেই সময়ৰ ছবি, সংবাদ-পত্রত প্রকাশিত বাতৰি, কবিগুৰুৰ হাতে লিখা বার্তা, প্রথমবাৰ ৰোম ভৱন গ্ৰেণ্ড হোটেলত থকাকে ধৰি বিভিন্ন অভিজ্ঞতাৰ কথা আৰু সেই বিষয়ত লিখা কবিতা ৷
লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ৰ ৰায়ে নতুন ভাৰতৰ চিত্ৰনাট্য লিখিব; অনুচ্ছেদ ৩৭০ সন্দৰ্ভত প্ৰধানমন্ত্ৰী