ETV Bharat / bharat

26/11 anniversary; সন্ত্ৰাসবাদে মানৱতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে: এছ জয়শংকৰ

author img

By

Published : Nov 26, 2022, 2:18 PM IST

2008 চনৰ 26 নৱেম্বৰৰ দিনটোতে মহাৰাষ্ট্ৰৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল (Mumbai terrorist attack)৷ 14 টাকৈ বছৰ অতিক্ৰম কৰিলে মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণে (14 years of Mumbai terrorist attack) ৷ এই সন্দৰ্ভত শনিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখে যে, ‘‘সন্ত্ৰাসবাদে মানৱতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । বিশ্বৰ প্ৰতিজন সন্ত্ৰাসবাদৰ ভুক্তভোগীৰ ওচৰত আমি এই ঋণী’’ ৷

2008 Mumbai attack victims
সন্ত্ৰাসবাদে মানৱতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে : এছ জয়শংকৰ

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : আজি 26 নৱেম্বৰ ৷ মুম্বাইত হোৱা সেই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণে আজি পাৰ কৰিলে 14 টাকৈ বছৰ (14 years of Mumbai terrorist attack) ৷ 14 বছৰ পূৰ্বে অৰ্থাৎ 2008 চনৰ আজিৰ দিনটোতে সংঘটিত হোৱা সেই ঘটনাক স্মৰণ কৰি আজিও শংকিত হৈ পৰে দেশৰ প্ৰতিগৰাকী নাগৰিক ৷

26/11 হেতুকে আজি মুম্বাইৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (26/11 anniversary) ৷ পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Tributes to martyrs of Mumbai attack) । ইয়াৰে লগত সংগতি ৰাখি এক অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল ভগৎ সিং কোশ্যৰী আৰু মুখ্যমন্ত্ৰী একনাথ সিন্দেই শ্বহীদসকলৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় (CM pays tribute to Martyrs of Mumbai attacks)৷

আনহাতে, শনিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখে, ‘‘সন্ত্ৰাসবাদে মানৱতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে (Terrorism threatens humanity says EAM Jaishankar) । আজি 26/11 ৰ এই বিশেষ দিনটোত সকলোৱে স্মৰণ কৰিছে শ্বহীদসকলক ৷ এই আক্ৰমণৰ পৰিকল্পনা তথা তদাৰক কৰা প্ৰত্যকজন লোককে ন্যায়ৰ আওতালৈ আনিব লাগিব । বিশ্বৰ প্ৰতিজন সন্ত্ৰাসবাদৰ ভুক্তভোগীৰ ওচৰত আমি এই ঋণী’’ ৷

উল্লেখ্য যে, 2008 চনৰ 26 নৱেম্বৰত 10 জনীয়া পাকিস্তানী সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে মুম্বাইত উপস্থিত হয় আৰু 18 গৰাকী নিৰাপত্তাৰক্ষীসহ বহু লোকক হত্যা কৰে (2008 Mumbai attack victims) ৷ মুম্বাইৰ এই সন্ত্ৰাসবাদী আক্ৰমণত কমেও 174 জন লোক নিহত হয় ৷

ইয়াৰে ভিতৰত 26 জন বিদেশী নাগৰিকসহ 300 ৰো অধিক লোক আহত হয় । পাকিস্তানস্থিত লস্কৰ-ই-টাইবাই (LeT) সমগ্ৰ মুম্বাইত 12 টাতকৈও অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল ৷ যাক 26/11 বুলি জনা যায় ৷ এই আক্ৰমণত কোটি কোটি টকাৰ সম্পত্তিও নষ্ট হৈছিল ।

সন্ত্ৰাসবাদ বিৰোধী দল (ATS)ৰ মুৰব্বী হেমন্ত কাৰকাৰে, সেনা মেজৰ সন্দীপ উন্নীকৃষ্ণণ, মুম্বাইৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অশোক কামতে আৰু জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক বিজয় চালাস্কাৰো এই আক্ৰমণতে নিহত হৈছিল । এই আক্ৰমণটো 26 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ চলিছিল ।

ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস, অবেৰয় ট্ৰাইডেণ্ট, তাজ মহল পেলেচ এণ্ড টাৱাৰ, লিওপোল্ড কেফে, কামা হাস্পতাল, নৰিমন হাউচ ইহুদী সম্প্ৰদায় কেন্দ্ৰ সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল । সকলোৰে জ্ঞাত যে, আজমল কাচাব একমাত্ৰ সন্ত্ৰাসবাদী আছিল, যাক জীৱিত অৱস্থাত বন্দী কৰা হৈছিল । চাৰি বছৰ পাচত 2012 চনৰ 21 নৱেম্বৰত এই সন্ত্ৰাসবাদীটোক ফাঁচী দিয়া হয় ৷

লগতে পঢ়ক : Mumbai terrorist attack : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.