ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মিষ্টাৰ 56-এ চীনৰ নাম ল'বলৈ ভয় কৰে : ৰাহুল গান্ধী - ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী মোডীক মিষ্টাৰ 56 আখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ ভাৰতৰ ভূমিত চীনৰ অনুপ্ৰৱেশৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক জগৰীয়া কৰিলে ৰাহুল গান্ধীয়ে ৷ চীনৰ নাম মুখলৈ আনিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভয় কৰে বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷

Rahul Gandhi
Rahul Gandhi
author img

By

Published : Jan 25, 2021, 9:28 PM IST

নেচনেল ডেস্ক, 25 জানুৱাৰী: "চীনে ইয়াৰ দখল ভাৰতীয় অঞ্চললৈ সম্প্ৰসাৰিত কৰি আছে আৰু মিষ্টাৰ 56-এ মাহজুৰি চীনৰ নাম লোৱা নাই ৷" দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মিষ্টাৰ 56 বুলি আখ্যা দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে এই মন্তব্য কৰে ৷

ভাৰতৰ ভূমিত চীনৰ অনুপ্ৰৱেশৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক জগৰীয়া কৰি ৰাহুল গান্ধীয়ে মোডীক কটু ভাষাৰে সমালোচনা কৰি মন্তব্য কৰে যে চীন শব্দটো মুখলৈ আনিবৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীৰ সাহস নাই আৰু সেয়েহে তেওঁ শেহতীয়া বহুকেইটা ভাষণত চীনৰ নাম লোৱা পৰিলক্ষিত হোৱা নাই ৷

20 জানুৱাৰীত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা এক এক সংঘৰ্ষৰ পাছতে টুইটাৰৰ জৰিয়তে ৰাহুল গান্ধীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে ৷ টুইটযোগে গান্ধীয়ে এইবুলি কয়, "China is expanding its occupation into Indian territory. Mr 56” hasn’t said the word ‘China’ for months. Maybe he can start by saying the word ‘China’."

  • China is expanding its occupation into Indian territory.

    Mr 56” hasn’t said the word ‘China’ for months. Maybe he can start by saying the word ‘China’.

    — Rahul Gandhi (@RahulGandhi) January 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় সেনাই জানিবলৈ দিয়া মতে 20 জানুৱাৰীত উত্তৰ চিকিমৰ নাকু লা অঞ্চলত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু প্ৰতিষ্ঠিত প্ৰট'কল অনুসৰি স্থানীয় কমাণ্ডাৰ সকলে বিষয়টোৰ সমাধান কৰে ৷

লগতে পঢ়ক:নিজ ৰাজ্য়ত চূড়ান্ত অপমানৰ পাচত প্ৰতিক্ৰিয়া প্ৰকাশ মমতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.