ETV Bharat / bharat

পাকিস্তানৰ কাৰাগাৰাত স্মৃতি শক্তি হেৰুৱাই ঘৰলৈ উভতিল ৰাজু - পাকিস্তানৰ কাৰাগাৰত বন্দী

সংস্থাপনৰ সন্ধানত 2007 চনতে মধ্য প্ৰদেশৰ ঘৰৰ পৰা ওলাই যোৱা ৰৱেন্দ্ৰ পাকিস্তানৰ জেলৰ পৰা ঘৰলৈ উভতিল ৷ 13 বছৰ কাল পাকিস্তানৰ কাৰাগাৰত থাৰ্ড ডিগ্ৰী শাস্তি ভোগ কৰিলে যুৱকজনে ৷ স্মৃতি শক্তি হেৰুৱাই সুদীৰ্ঘ 13 বছৰৰ মূৰত ঘৰত উপস্থিত ৷ এতিয়া চিনি নাপায় পৰিয়াল কিম্বা পৰিয়ালৰ অন্য লোকক ৷

MP man returned home with a memory loss after suffering 13 years of torture in Pakistan jail

author img

By

Published : Jan 17, 2021, 8:33 PM IST

নেচনেল ডেস্ক, 17 জানুৱাৰী : জীৱনৰ সুদীৰ্ঘ 13 টাকৈ বছৰ পাকিস্তানত কাৰাবান্দী হৈ থাকি স্মৃতি শক্তি হেৰুৱাই অৱশেষত মধ্যপ্ৰদেশৰ এগৰাকী ব্যক্তি ঘৰলৈ উভতি আহিছে ৷ 13 বছৰ কাল পাকিস্তানৰ এখন কাৰাগাৰত শাস্তৰ সন্মুখীন হৈ অৱশেষত চাৰি জানুৱাৰী তাৰিখে ৰৱেন্দ্ৰ গুপ্তা ওৰফে ৰাজু ঘৰলৈ উভতি আহে ৷

পৰিয়ালৰ লোকে দাবী কৰা মতে 13 বছৰে পাকিস্তানে প্ৰদান কৰা থাৰ্ড ডিগ্ৰী শাস্তিৰ ফলতে লোকজনে বৰ্তমান নিজৰ পৰিয়ালৰ লোকৰ লগতে সম্পৰ্কীয় লোক সকলকো চিনিবলৈ অসমৰ্থ হৈছে ৷

মধ্যপ্ৰদেশৰ শ্বাহদল জিলাৰ বৰেলী গাঁৱৰ এগৰাকী নিৱাসী গুপ্তা 2007 চনত চাকৰিৰ সন্ধানত মুম্বাই আৰু গুজৰাটত আছিল আৰু তাৰ পাছৰে পৰা পৰিয়ালৰ লোকে যুৱক গৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰৱেন্দ্ৰৰ সৰু ভায়েক সতীশ গুপ্তাই কয় যে, ৰৱেন্দ্ৰ কেনেকৈ পাকিস্তান পালেগৈ সেই সম্পৰ্কে কোনেও একো নাজানে ৷ সতীশে কয়, "সি নিৰুদ্দেশ হোৱাৰ বহু বছৰৰ পাছত আমি জানিব পাৰিলো যে তাক পাকিস্তানৰ কাৰাগাৰত বন্দী কৰা হৈছে ৷ তাৰ পাছতে প্ৰশাসনৰ লগতে আমি পৰিয়ালৰ লোকে কৰা অশেষ প্ৰচেষ্টাৰ অন্তত মাত্ৰ কিছুদিন পূৰ্বে তাক পাকিস্তানে মুকলি কৰি দিছে ৷"

সতীশে লগতে কয় যে কাৰাগাৰত তেওঁৰ ভাতৃক কৰা অত্যাচাৰৰ ফলতে তেওঁৰ ভাতৃয়ে স্মৃতি শক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে, যাৰ ফলত তেওঁ পৰিয়ালৰ কাকোৱেই চিনিবলৈ সক্ষম হোৱা নাই ৷

উল্লেখ্য যে 4 জানুৱাৰীত ৰৱেন্দ্ৰ ঘৰত উপস্থিত হোৱাৰ পাছতে স্থানীয় আৰক্ষীয়ে তেওঁক উষ্ম আদৰণি জনায় ৷

লগতে পঢ়ক:অচিনাক্ত বন্দুকধাৰীৰ হাতত কাবুলত দুই মহিলা বিচাৰক নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.