ETV Bharat / bharat

Parliament Monsoon session : ৰাজ্যসভাৰ অধ্যক্ষৰ সদনৰ অচলাৱস্থা সমাপ্তিৰ আহ্বান; বিৰোধী নেতাক সাক্ষাৎ

author img

By

Published : Jul 28, 2023, 7:07 PM IST

বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এক সংবাদমেল সম্বোধন কৰি কয় যে অধ্যক্ষই পৰামৰ্শ দিছে যে এই অচলাৱস্থা সঠিক আলোচনাৰ জৰিয়তে সমাপ্ত কৰিব লাগে ।

Jagdeep Dhankhar
Jagdeep Dhankhar

নিউজ ডেস্ক, ২৮ জুলাই : মণিপুৰ বিষয়টোক লৈ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য ৰখাৰ বাবে বিৰোধীৰ দাবীত সংসদৰ দুয়োখন সদনৰে কাৰ্যব্যৱস্থা প্ৰায় অচল হৈ আছে । লোকসভাৰ লগতে ৰাজ্যসভাতো বিৰোধী প্ৰদৰ্শন কৰা প্ৰতিবাদৰ বাবে অচল হৈ পৰিছে সদনৰ কাম-কাজ । তাৰ মাজতে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধানখড় শুকুৰবাৰে সকলো বিৰোধী দলৰ নেতাৰ সৈতে অহা সপ্তাহত অনুষ্ঠিত হ'বলগীয়া সদনৰ কাৰ্যক্ৰম সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠকত মিলিত হয় ।

বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এক সংবাদমেল সম্বোধন কৰি কয় যে অধ্যক্ষই পৰামৰ্শ দিছে যে এই অচলাৱস্থা সঠিক আলোচনাৰ জৰিয়তে সমাপ্ত কৰিব লাগে ।

"অধ্যক্ষই কথা-বাৰ্তা, বিতৰ্ক আৰু আলোচনাৰ জৰিয়তে সংসদে সঠিকভাৱে কাম কৰা উচিত বুলি গুৰুত্ব আৰোপ কৰে । এইখন হৈছে ৰাজহুৱা বিষয়বোৰ আলোচনা কৰাৰ এক মঞ্চ... তেওঁ পৰামৰ্শ দিয়ে যে এই অচলাৱস্থা সঠিক আলোচনাৰ জৰিয়তে সমাপ্ত কৰিব লাগে । সংসদৰ সঠিক কাম-কাজত সকলোৱে অংশগ্ৰহণ কৰা উচিত...।" গোৱেলে কয় ।

উল্লেখ্য যে এই বৈঠকখন সদনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু সদনক স্বাভাৱিক ৰূপত কাম কৰিবলৈ দিয়াৰ বাবে বিৰোধীৰ ওচৰলৈ যোৱাৰ এটা প্ৰয়াস আছিল । অধ্যক্ষ ধনখৰে সকলো নেতাকে অধ্যক্ষৰ বাৰ্তা তেওঁলোকৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰিবলৈ আৰু দুই বা তিনি দিনৰ ভিতৰত যুক্তিসঙ্গত সিদ্ধান্ত ল'বলৈও কয় ।

গোৱেলে লগতে কয়, "প্ৰক্ৰিয়া চলি থকা সময়ত এজন সদস্যই সদনত যি আচৰণ কৰিছিল তাক লৈ অধ্যক্ষ অতি শংকিত আৰু আৱেগিক হৈ পৰিছিল ।" বৈঠকত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) এজন সাংসদ অমৰেন্দ্ৰ ধাৰী সিঙে এএনআইক কয়, "আমি অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হৈছোঁ আৰু এইখন হৈছে এক দীঘলীয়া আলোচনা বৈঠক । তেওঁ আমাৰ সকলোৰে কথা শুনে আৰু তেওঁ সদনৰ কাম-কাজ মসৃণ কৰিবৰ বাবে সকলো সদস্যৰ প্ৰতি যথাযথ সন্মান প্ৰদৰ্শনৰ বাবে আবেদন জনায় ।"

সিঙে লগতে কয়, "অধ্যক্ষই আৰু কয় যে ব্যক্তিগতভাৱে তেওঁ অনুভৱ কৰে যে ইতিমধ্যে সদনৰ যথেষ্ট সময় অপচয় হৈছে আৰু ই গণতন্ত্ৰৰ বাবে ভাল নহয় । সেয়েহে চৰকাৰ আৰু বিৰোধী উভয়ে সিদ্ধান্তটো পুনৰ বিবেচনা কৰা উচিত ।"

বৈঠকত দুয়োপক্ষই বিভিন্ন বিষয়ত আলোচনা কৰে আৰু সদনৰ মসৃণ কাৰ্যকলাপৰ বাবে সহযোগিতাৰ কথাও কয় । "কোনো যুক্তিতৰ্ক নাছিল, কিন্তু ইণ্ডিয়া মিত্ৰজোঁটৰ পক্ষই স্পষ্টকৈ কৈছে যে আমি সদন পুনৰ আৰম্ভ কৰিব বিচাৰোঁ আৰু অধ্যক্ষই কৈছে যে বিৰোধীয়ে কোনো চৰ্ত আগবঢ়াব নালাগে ।" এ ডি সিঙে এএনআইক কয় ।

উল্লেখ্য যে কংগ্ৰেছ, আৰজেডি, বিজেডি, আপকে ধৰি কেইবাটাও দল আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে সংসদত অধ্যক্ষ ধানখড়ৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে । লক্ষণীয়ভাৱে, মণিপুৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবীক লৈ বিৰোধী দলৰ পৰা অব্যাহত থকা শ্লোগানৰ মাজতে শুকুৰবাৰে লোকসভা আৰু ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখা হয় ।

শুকুৰবাৰে অধিবেশন পুনৰ আৰম্ভ হোৱাৰ পিছত লোকসভাৰ বিৰোধী সদস্যসকলে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত তাৎক্ষণিক আলোচনাৰ দাবী জনায় । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু অধ্যক্ষ ওম বিৰলাই গ্ৰহণ কৰিছিল ।

অধ্যক্ষই নিম্ন সদন পুনৰ আহ্বান কৰাৰ লগে লগে প্ৰশ্নকালৰ আহ্বান জনায় । কিন্তু বিৰোধী সদস্যসকলে মণিপুৰৰ ওপৰত আলোচনা আৰু অনাস্থা প্ৰস্তাৱৰ দাবীত কাৰ্যক্ৰম ব্যাহত কৰি তোলে । অধিবেশন চলি থকা অৱস্থাত সোমবাৰলৈকে স্থগিত ৰখা উচ্চ সদনে শুকুৰবাৰে অৱসৰ গ্ৰহণ কৰা বিনয় দিনু তেণ্ডুলকাৰৰ অৱদানৰ কথা স্মৰণ কৰে ।

লগতে পঢ়ক :Parliament Monsoon Session : এয়া থিয়েটাৰ হল নহয়; ৰাজ্যসভা স্থগিত কৰাৰ পূৰ্বে ক্ষুব্ধ ধানখড়ৰ অ'ব্ৰাইনলৈ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.