ETV Bharat / bharat

PM Modi slams Congress : 'চহৰৰ মাওবাদীয়ে চলাই আছে দেউলীয়া কংগ্ৰেছ দল'-প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:57 PM IST

মধ্যপ্ৰদেশত বিৰোধী কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । দলটোক দেউলীয়া আখ্যা প্ৰধানমন্ত্ৰীৰ । চহৰৰ একাংশ মাওবাদীয়ে দলটোক চলাই আছে বুলিও তেওঁ অভিযোগ কৰে ।

PM Modi slams Congress
চহৰৰ মাওবাদীয়ে চলাই আছে দেউলীয়া কংগ্ৰেছ দল

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : চলিত বছৰতে দেশৰ ৫ খন ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন । তাৰ ভিতৰত অন্যতম মধ্যপ্ৰদেশ । ইতিমধ্যে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী ৰণনীতি আৰম্ভ কৰিছে । বিশেষকৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশেষ তৎপৰতা লৈছে । তাৰ অংশস্বৰূপে নিৰ্বাচনমুখী ৰাজ্যখনলৈ শীৰ্ষ নেতাসকলৰ আগমনো দেখা গৈছে । সোমবাৰে 'কৰ্মকৰ্তা মহাকুম্ভ' শীৰ্ষক অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৰোধী কংগ্ৰেছক 'নেতিবাচকতাৰ ভাইৰাছ' বিয়পোৱা বুলি অভিযোগ কৰে ।

তেওঁ কৰ্মকৰ্তাসকলক সম্বোধন কৰি প্ৰশ্ন কৰে কংগ্ৰেছে তেওঁলোকৰ বাবে কি কৰিছিল । দলটোৰ অসফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো ধৰণৰ উন্নয়ন হোৱা নাই, জীৱিকাৰ অভাৱৰ বাবে দৰিদ্ৰতা আৰু যুৱক-যুৱতীসকল হতাশাত আৱদ্ধ হৈ আছে বুলিও তেওঁ অভিযোগ কৰে ।

তেওঁ কংগ্ৰেছক দেউলীয়া আৰু মামৰে ধৰা লো বুলি উল্লেখ কৰে । ইয়াতকৈও গুৰুতৰ অভিযোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ মতে একাংশ চহৰৰ মাওবাদীয়ে এতিয়া দলটো চলাই আছে । ইয়াৰ বিপৰীতে, বিজেপি চৰকাৰে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে ।

তেওঁ অভিযোগ কৰা মতে কংগ্ৰেছে ৫০ বছৰ পূৰ্বে দৰিদ্ৰতা নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু এই ক্ষেত্ৰত দলটো শোচনীয়ভাৱে বিফল হৈছে বুলিও তেওঁ অভিযোগ কৰে । ৰাইজে মধ্যপ্ৰদেশক পুনৰ ৰুগীয়া ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । ৰাইজে দুৰ্নীতিগ্ৰস্ত দলটোক পুনৰ লুণ্ঠন কৰা চাব বিচাৰে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । যদি বিজেপি শাসনৰ গাদীত থাকে আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকে তেনেহ'লে মধ্যপ্ৰদেশৰ উন্নয়ন নিশ্চিত বুলিও তেওঁ দাবী কৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটে সংসদত গৃহীত হোৱা নাৰী সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিব বিচাৰিছিল । তেওঁৰ মতে অহংকাৰী মিত্ৰজোঁটে মানুহক বিভ্ৰান্ত কৰিব আৰু যুৱক-মহিলাসকলক বিপথে পৰিচালিত কৰিব । উল্লেখ্য যে জাম্বোৰী ময়দানত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰায় ১০ লাখ লোকে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :BJP leader slams Canada’s PM: কানাডাৰ এটা অংশত খালিস্তান গঠনৰ পৰামৰ্শ বিজেপি নেতা জয় ভগৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.