ETV Bharat / bharat

মিজোৰামত ২৪ মে'লৈ লক ডাউনৰ সময়সীমা বৃদ্ধি - মিজোৰাম

বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামত ২৪ মে'লৈ বৃদ্ধি কৰা হৈছে লক ডাউনৰ সময়সীমা । যোৱা ১৩ মে'ত ৰাজ্যখনত ২০১ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে মিজোৰামত ২৩ জন কৰ'ণা আক্ৰান্ত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

Mizoram extends lockdown
মিজোৰামত লকডাউনৰ সময়সীমা বৃদ্ধি
author img

By

Published : May 15, 2021, 10:10 AM IST

আইজল, ১৫ মে': মিজোৰামত ক'ভিড পৰিস্থিতি দিনকদিনে বেয়াৰ দিশলৈ গতি কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ উপায় হিচাপে ৰাজ্য চৰকাৰে লক ডাউনৰ সময়সীমা ২৪ মে'লৈ বৃদ্ধি কৰিছে । যোৱা ১৩ মে'ত ৰাজ্যখনত ২০১ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ।

Mizoram extends lockdown
মিজোৰামত লক ডাউনৰ সময়সীমা বৃদ্ধি

জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত পৰীক্ষা কৰা ৬৮৬ টা নমুনাৰ ভিতৰত ৫০ টাত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ৰাজ্যখনত বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত ১৬৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত ৯ জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত ১,৯৯৬ টা নমুনাৰ ভিতৰত ১৪২ টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

১৩ মে'ৰ দিনটোত ২,৮৫১ টা নমুনা পৰীক্ষা কৰা হয় আৰু আক্ৰান্তৰ হাৰ ৭.০৫ শতাংশ । একেটা দিনতে ৰাজ্যখনৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ৯০ জন লোক আৰোগ্য হৈ ঘৰলৈ উভতিছে । ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ হৈছেগৈ ৭৫.১৩ শতাংশ ।

ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা ৮,৩৭৭ জনলৈ বৃদ্ধি পাইছে । বৰ্তমানলৈকে মহামাৰীৰে যুঁজি ৰাজ্যখনৰ ৬,২৯৪ জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে আৰু ২৩ জনে প্ৰাণ হেৰুৱাইছে ৷ ১৪ মে' পৰ্যন্ত ৰাজ্যখনত ২০৬০ জন ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ৷

লগতে পঢ়ক: ভাৰতৰ ভেকচিন পৰিকল্পনাত লাগিল আউল : চীনে বাংলাদেশক দিলে ঈদৰ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.