ETV Bharat / bharat

Mizoram Assembly Election 2023: চৰকাৰ গঠনক লৈ আশাবাদী মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা - মুখ্যমন্ত্ৰী জোৰামথাংগা

কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছে মিজোৰামত বিধানসভাৰ নিৰ্বাচন ৷ মুখ্যমন্ত্ৰী জোৰামথাংগাই ভাৰতীয় জনতা পাৰ্টিৰ সৈতে তেওঁৰ দলৰ কোনো মিত্ৰতা নাই বুলি উল্লেখ কৰি তেওঁৰ গ’লে জয়লাভ কৰিব আৰু কোনো ওলোমা মন্ত্ৰী পৰিষদ গঠন নহয় বুলি দৃঢ়তাৰে কয় ৷

Mizoram Assembly Election 2023
ওলোমা বিধানসভা গঠন নহয় বুলি মুখ্যমন্ত্ৰীৰ দৃঢ় দাবী
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:06 PM IST

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: মঙবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰামত ভোটদান ৷ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ জোৰামথাংগাই দৃঢ়তাৰে তেওঁৰ দলে পুনৰ শাসনভাৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জোৰামথাংগাই কয়, "প্ৰাক নিৰ্বাচনী সময়ত মোৰ সমষ্টিৰ আধা অংশ ভ্ৰমণ কৰিছো । মই বিশ্বাস কৰোঁ যে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম আৰু মোৰ সমষ্টিত আমি আশা কৰিছো যে আমি বিপুলভাৱে জয়লাভ কৰিম ।"

  • #WATCH | Mizoram Elections | CM Zoramthanga says, "I certainly believe that we shall be able to form the government on our own without any coalition. Situation will not arise in which we will need other parties. MNF will be able to form the government." pic.twitter.com/MC7MWtHXKG

    — ANI (@ANI) November 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপিৰ সৈতে তেওঁৰ দলৰ মিত্ৰতা নাই আৰু কেন্দ্ৰত এন ডি এৰ সমৰ্থন ‘ইছ্যুভিত্তিক’। ‘জো’ জনজাতিসমূহক একত্ৰিত কৰাৰ বাবে এমএনএফৰ প্ৰচেষ্টাই দলটোক নিৰ্বাচনী সুবিধা প্ৰদান কৰিব বুলিও তেওঁ কয় । ম্যানমাৰ, বাংলাদেশ আৰু মণিপুৰৰ পৰা পলায়ন কৰা লোকসকলে তেওঁৰ দলৰ শাসনত মিজোৰামত নিৰাপদ অনুভৱ কৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ।

মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জো জনজাতিসকলক একত্ৰিত কৰাৰ বাবে এমএনএফৰ প্ৰচেষ্টাই দলটোক নিৰ্বাচনী বৈতৰণী পাৰ কৰাব বুলিও দৃঢ়তাৰে কয় । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ পুনৰ কয় যে আৰ্থিক বাধাৰ মাজতো বিভিন্ন প্ৰকল্প ৰূপায়ণকে ধৰি কেইবাটাও কাৰকৰ বাবে তেওঁৰ দলে নিৰ্বাচনত জয়ী হ’ব ।

জোৰামথাংগাই লগতে ম্যানমাৰ আৰু বাংলাদেশৰ পৰা অহা শৰণাৰ্থী আৰু মণিপুৰৰ পৰা আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে দলে ব্যৱস্থা গ্ৰহণ কৰি বুলিও উল্লেখ কৰে ।

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে 40 জনীয়া মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ চলি আছে ৷ আজি বিয়লি 4 বজালৈকে চলিব এই ভোটগ্ৰহণ । আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ আইজলৰ দ্বিতীয় বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ যোৱাৰ সময়ত EVM ৰ বিসংগতিৰ ফলত সমস্যাৰ সন্মুখীন হয় ।

বৰ্তমান পৰ্যন্ত ৰাজ্যখনত 32.68 % ভোটদান সম্পন্ন হৈছে ৷

লগতে পঢ়ক: Mizoram Election : পুৱা ১১ বজালৈকে মিজোৰামত ২৬.৪৩% ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.