নিউজ ডেস্ক, ২২ জুলাই : অসম ৰাইফলছৰ মহা পৰিদৰ্শকৰ (পূব) অধীনত মিজোৰাম ৰেঞ্জৰ চেৰছিপ বেটেলিয়নে মিজোৰামত জব্দ কৰিছে বৃহৎ পৰিমাণৰ পপী গুটি আৰু বাৰ্মিজ চুপাৰি । মিজোৰামৰ চম্ফাইৰ দুটা পৃথক স্থানত যুটীয়া অভিযান চলাই অসম ৰাইফলছ আৰু শুল্ক বিভাগে ১৪৮ বেগ পপী গুটি আৰু ১০০ বেগ অবৈধ বাৰ্মিজ চুপাৰি জব্দ কৰা বুলি বিষয়াসকলে শনিবাৰে জানিবলৈ দিয়ে । উল্লেখ্য যে এই অভিযান শুকুৰবাৰে চম্ফাইৰ দুটা পৃথক স্থানত চলোৱা হৈছিল ।
প্ৰাপ্ত তথ্য মতে, নিউ চম্ফাইত প্ৰায় ৩০ বেগ পপী গুটি জব্দ কৰা হয় । আনহাতে, মেলবুকত ১০০ বেগ অবৈধ বাৰ্মিজ চুপাৰি আৰু ১৮ বেগ পপী গুটি জব্দ কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে । দুয়োটা অভিযানতে জব্দ কৰা সামগ্ৰীৰ আনুমানিক মূল্য প্ৰায় ৫৭.৬৪ লাখ টকা হ'ব বুলি কোৱা হৈছে । বিষয়াসকলৰ মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কোম্পানী অপাৰেটিং বেছ (চিঅ'বি) চম্ফাই, মিজোৰাম ৰেঞ্জৰ চিঅ'বি জোখাৱথাৰ, শুল্ক বিভাগ চম্ফাই আৰু লেণ্ড কাষ্টম ষ্টেচন জোখাৱথাৰৰ এটা যুটীয়া দলে এই অভিযান চলাইছিল ।
অভিযানৰ সময়ত জেনেৰেল এৰিয়া মেলবুকত ৩০ বেগ পপী গুটি উদ্ধাৰ কৰা হয়, যিবোৰ নিউ চম্ফাইত ট্ৰেকত লুকুৱাই ৰখা হৈছিল । আন এটা অভিযানত ১০০ বেগ অবৈধ বাৰ্মিজ চুপাৰি আৰু ১৮ বেগ পপী গুটি উদ্ধাৰ কৰা হয় । গোটেই সামগ্ৰীখিনি পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে চম্ফাই শুল্ক বিভাগ আৰু লেণ্ড কাষ্টম ষ্টেচন জোখাৱথাৰলৈ হস্তান্তৰ কৰা হৈছে ।
উল্লেখ্য যে বিভাগ দুটাৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, নিষিদ্ধ সামগ্ৰীৰ চলিত চোৰাং ব্যৱসায় মিজোৰাম আৰু ভাৰতৰ বাবে চিন্তাৰ এক মুখ্য কাৰণ হৈ পৰিছে । 'উত্তৰ-পূবৰ প্ৰহৰী' বুলি সঠিকভাৱে নামকৰণ কৰা অসম ৰাইফলছে অবৈধ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু মিজোৰামত চোৰাং ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ডসকলক ধৰিবলৈ তেওঁলোকৰ প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰিছে ।
লগতে পঢ়ক :Manipur Violence : অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষোভ, দিলে অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ