ETV Bharat / bharat

এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব মিছ ইণ্ডিয়াৰ প্ৰতিযোগী দীক্ষা সিঙে - পঞ্চায়ত নিৰ্বাচন খেলিব মিছ ইণ্ডিয়াৰ প্ৰতিযোগী দীক্ষা সিঙে

উত্তৰ প্ৰদেশৰ জৌনপুৰৰ আহি থকা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই ৰাজনীতিলৈ আহিব বিচাৰিছে ২০১৫ৰ মিছ ইণ্ডিয়াৰ ৰাণাৰ্ছ আপ তথা মডেল দীক্ষা সিঙে । তেওঁ জনোৱা মতে বাকশ্বাৰ ২৬ নং ৱাৰ্ডৰ পৰা জিলা পৰিষদৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ ইতিমধ্যে মনোনয়ম পত্ৰ সংগ্ৰহ কৰিছে ।

পঞ্চায়ত নিৰ্বাচন খেলিব মিছ ইণ্ডিয়াৰ প্ৰতিযোগী দীক্ষা সিঙে

author img

By

Published : Apr 3, 2021, 3:58 PM IST

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: ২০১৫ৰ মিছ ইণ্ডিয়াৰ ৰাণাৰ্ছ আপ তথা মডেল দীক্ষা সিঙে মন মেলিছে ৰাজনীতিৰ পথাৰলৈ । উত্তৰ প্ৰদেশৰ জৌনপুৰৰ আহি থকা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই ৰাজনীতিলৈ আহিব বিচাৰিছে মডেলগৰাকীয়ে ।

বাকশ্বা অঞ্চলৰ চিত্তোৰী গাঁৱৰ স্থানীয় বাসিন্দা দীক্ষা সিং । দীক্ষা সিঙে শুকুৰবাৰে এখন হোটেলত সাংবাদিকক অৱগত কৰা মতে গাঁওখনত তেওঁ তৃতীয় শ্ৰেণীলৈ অধ্যয়ন কৰিছিল আৰু পিছত মুম্বাইলৈ গৈছিল আৰু পিতৃৰ সৈতে পিছত গোৱালৈ গৈছিল । তেওঁ জনোৱা মতে বাকশ্বাৰ ২৬ নং ৱাৰ্ডৰ পৰা জিলা পৰিষদৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ ইতিমধ্যে মনোনয়ম পত্ৰ সংগ্ৰহ কৰিছে ।

তেওঁ জনোৱা মতে মহাবিদ্যালয়ৰ দিনৰে পৰা ৰাজনীতি আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে । মাজে সময়ে তেওঁ গাঁৱলৈ আহি দেখিছিল যে জৌনপুৰ জিলাখন এতিয়াও উন্নয়নৰ পৰা বহু দূৰত আছে । মডেল গৰাকীয়ে সেয়ে পৰিৱৰ্তনৰ কথা ভাবি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা চিন্তা কৰিছে ।

উল্লেখ্য যে স্নাতক দ্বিতীয় বৰ্ষত থকা সময়তে দীক্ষাই ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । দীক্ষাৰ পিতৃ জীতেন্দ্ৰ সিঙৰ গোৱা আৰু ৰাজস্থানত ব্যৱসায় আছে । যোৱা ফেব্ৰুৱাৰী মাহত দীক্ষাই অভিনয় কৰা "ৰাব্বা মেহৰ কাৰি" এলবাম মুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক:ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ কৰা ১৪ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.