নেশ্যনেল ডেস্ক, ১ মাৰ্চ: অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীৰ সদস্যতা গ্ৰহণ কৰিলে ২০১৯ বৰ্ষৰ মিছ ইণ্ডিয়া দিল্লী মানসী ছেহগলে । ৰাঘৱ ছদ্ধাৰ উপস্থিতিত এক অনুষ্ঠানত মানসী ছেহগলে আম আদমী পাৰ্টীত যোগদান কৰে । চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছিল যে, দলটোৱে অহা দুটা বছৰত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।
দিল্লীত অনুষ্ঠিত হোৱা দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত কেজৰিৱালে দলৰ ভৱিষ্যতৰ নিৰ্বাচনী পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছিল । সোমবাৰে আম আদমী পাৰ্টীত যোগদান কৰা মানসী ছেহগলে দ্বাৰকাস্থিত দিল্লী পাব্লিক স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল । পিছত তেওঁ নেতাজী সুভাষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা বি টেক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে । তেওঁ শেহতীয়াকৈ এটা ষ্টাৰ্ট আপ আৰম্ভ কৰিছে । মানসীয়ে ২০১৯ চনত 'ফেমিনা মিছ ইণ্ডিয়া দিল্লী' প্ৰতিযোগিতাত বিজয়ী হৈছিল ।
লগতে পঢ়ক:মোডীক ভূয়সী প্ৰশংসা জিতেন্দ্ৰ সিঙৰ