ETV Bharat / bharat

মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক হত্যা, হত্যাকাৰী কিশোৰক গ্ৰেপ্তাৰ

বিৰিয়ানী খাবলৈ টকা বিচাৰিছিল আৰু নিদিয়াটোৱে কাল হ'ল এজন কিশোৰৰ বাবে । অভিযুক্তজনে নৃশংসভাৱে কিশোৰজনক আক্ৰমণ কৰে । হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত ।

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 1:53 PM IST

Murder in Delhi
মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক হত্যা

নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : দেশৰ ৰাজধানী দিল্লীৰ উত্তৰ-পূবত হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক নিৰ্মমভাৱে হত্যা আন এজন কিশোৰৰ । ইতিমধ্যে ঘটনাটোৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে । চিচিটিভি ফুটেজটোত ভয়ংকৰ হত্যাকাণ্ডৰ দৃশ্য বন্দী হৈছে আৰু সকলোকে আচৰিত কৰি তুলিছে । ১৬ বছৰীয়া কিশোৰজনে ভুক্তভোগীজনক প্ৰায় ৫০ বাৰকৈ নিৰ্মমভাৱে ছুৰী আক্ৰমণ কৰিছে । আনহাতে মূৰত লাঠিৰেও আক্ৰমণ কৰিছিল । তেজেৰ লুতুৰি পুতুৰি কিশোৰজনক পাছত এটা লুংলুঙীয়া গলিলৈ টানি লৈ গৈছিল আৰু তেওঁৰ শৰীৰৰ সন্মুখত নাচিছিল ।

ঘটনাটো মঙলবাৰে নিশা প্ৰায় ১০:২০ বজাত সংঘটিত হৈছিল । আৰক্ষীৰ তথ্য অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত কিশোৰজনৰ ডিঙি, কাণ আৰু মুখত ছুৰীৰ আঘাতৰ দাগ আছিল । মৃতকৰ শৰীৰত প্ৰায় ৫০ টা ছুৰীৰ আঘাত পোৱা গৈছে । ইফালে অভিযুক্ত কিশোৰজনক বুধবাৰে পুৱা আৰক্ষীয়ে জিম্মাত লৈছে । তেওঁৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰো ৰুজু কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে আক্ৰমণৰ সময়ত কিশোৰজন সুৰামত্ত অৱস্থাত আছিল । মৃত কিশোৰজনক জাফৰাবাদৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষী উপায়ুক্ত ড০ জৱাই তিৰ্কীয়ে কয় যে মঙলবাৰে নিশা প্ৰায় ১১:১৫ বজাত স্বাগতম আৰক্ষী থানাৰ অন্তৰ্গত জনতা মজদুৰ কলনী ষ্ট্ৰীট নং ১৮ ঈদগাহ ৰোডত এজন কিশোৰক ছুৰীকাঘাত কৰি হত্যা কৰাৰ বিষয়ে তথ্য পোৱা গৈছিল । লগে লগে আৰক্ষী উপস্থিত হৈ কিশোৰজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিলে ।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি অভিযুক্তজনে ভুক্তভোগী কিশোৰজনক জনতা মজদুৰ কলনিৰ সমীপত ধৰিছিল আৰু বিৰিয়ানী খাবলৈ তেওঁৰ পৰা টকা দাবী কৰিবলৈ আৰম্ভ কৰিছিল । যেতিয়া ভুক্তভোগী কিশোৰজন প্ৰতিৰোধ কৰিছিল, অভিযুক্তজনে তেওঁক প্ৰহাৰ কৰে । ইয়াৰ পাছত, অভিযুক্তজনে মৃতকৰ পকেটৰ পৰা ৩৫০ টকা লৈ পলায়ন কৰে ।

লগতে পঢ়ক :ডিৰাকৰ ভাৰতীয় সেনা বাহিনীৰ শিৱিৰৰ সন্মুখত কোনে নিক্ষেপ কৰিছিল গ্ৰেণেড ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.