ETV Bharat / bharat

দিল্লীৰ চিলামপুৰত কিশোৰক যৌন আতিশয্য়, এজন অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Sep 26, 2022, 2:22 PM IST

দিল্লীৰ চিলামপুৰ অঞ্চলত এইবাৰ এজন কিশোৰক যৌন আতিশয্য় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (sexual harassment in Seelampu of ​​Delhi) । এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দেওবাৰে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ইপিনে, এই সন্দৰ্ভত দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে কয় যে এতিয়া ছোৱালীৰ সমান্তৰালভাৱে ল'ৰাৰ বাবেও বিপদ ঘনীভূত হৈছে ।

Rape in Seelampu of ​​ Delhi
দিল্লীৰ চিলামপুৰত কিশোৰক যৌন আতিশয্য়

নেশ্য়নেল ডেস্ক, ২৬ছেপ্টেম্বৰ: চৰকাৰ তথা বিভিন্ন সংগঠনে ব্য়াপক সজাগতা সৃষ্টিৰ পিছতো দেশত বৃদ্ধি হৈ আছে ধৰ্ষণ, বলাৎকাৰৰ লগতে নাৰী নিৰ্যাতনৰ ঘটনা । দেশৰ আন ঠাইৰ লগতে দিল্লী মহানগৰীতো পুনৰ বৃদ্ধি পাব ধৰিছে ধৰ্ষণৰ ঘটনা । সমান্তৰালভাৱে কিশোৰক যৌন আতিশয্য় চলোৱাৰ ঘটনাও সংঘটিত হোৱাত ই এক চিন্তনীয় বিষয় হৈ পৰিছে । ইয়াৰ মাজতেই দিল্লীৰ চিলামপুৰ অঞ্চলত এইবাৰ এজন কিশোৰক যৌন আতিশয্য় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Rape in Seelampu of Delhi)।

এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দেওবাৰে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্তজনে তিনিজন বন্ধুৰ সৈতে যোৱা ১৮ ছেপ্টেম্বৰত উত্তৰ-পূব দিল্লীৰ চিলামপুৰ অঞ্চলত এজন ১২ বছৰীয়া কিশোৰক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ভুক্তভোগীৰ পৰিয়ালটোৱে যোৱা ২২ ছেপ্টেম্বৰত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই পৰিয়ালটোৱে অভিযোগ কৰে যে চাৰিজন অভিযুক্তই ভুক্তভোগী কিশোৰজনক এটা অজ্ঞাত অঞ্চললৈ নি তেওঁলোকে তেওঁক যৌন আতিশয্য় চলাইছিল । অভিযুক্তই কিশোৰজনক লাঠি আৰু ইটাৰে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

যেতিয়া তেওঁ বাচিবৰ বাবে চেষ্টা কৰিছিল অভিযুক্তই তেওঁৰ গোপন অংশত ৰডৰে আঘাত কৰিছিল । ঘটনাটোৰ তিনি দিনৰ পিছত তেওঁৰ পৰিয়ালক কোৱা ভুক্তভোগীজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । সেই সময়ত তেওঁৰ অৱস্থা গুৰুতৰ আছিল । ইপিনে, এই সন্দৰ্ভত দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে কয়,"দিল্লীত ছোৱালী সুৰক্ষিত নহয় । এতিয়া আনকি ল'ৰাৰ বাবেও বিপদ ঘনীভূত হৈছে ।''

দিল্লী মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে (Delhi Commission for Women chairperson) কয় যে আমাৰ দলটোৱে এই বিষয়টো সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে । এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । আনহাতে,তিনিজন এতিয়াও পলাতক অৱস্থাত আছে । মহিলা আয়োগৰ হৈ দিল্লী আৰক্ষীক অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত জাননী জাৰি কৰা হৈছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক:ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.