ETV Bharat / bharat

Development of education sector in Tripura : ত্ৰিপুৰাৰ শিক্ষাখণ্ডৰ উন্নয়ন সম্পৰ্কত মন্ত্ৰী ৰতনলাল নাথৰ প্ৰতিক্ৰিয়া

author img

By

Published : Dec 22, 2021, 10:34 AM IST

ত্ৰিপুৰাৰ শিক্ষাখণ্ডৰ উন্নয়ন (Development of education sector in Tripura) সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যখনত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাচত প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছে । ৩০ খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰা হৈছে । মঙলবাৰে এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ৰতনলাল নাথে (Ratan Lal Nath on Tripura's education sector development) ।

Tripura minister Ratan Lal Nath
ত্ৰিপুৰাৰ শিক্ষা, স্বাস্থ্য খণ্ডৰ বিকাশ সন্দৰ্ভত মন্ত্ৰী ৰতন লাল নাথৰ মন্তব্য

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন সন্দৰ্ভত কয় যে, বৰ্তমানৰ চৰকাৰখনে এই দুয়োটা খণ্ডৰ বিকাশৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু উন্নয়নমূলক কাম কৰি আছে(Development in education system in Tripura) । মঙলবাৰে এটি অনুষ্ঠানত অংশ লৈ ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে কয় যে, ৰাজ্য চৰকাৰে গুণগত শিক্ষাৰ সম্প্ৰসাৰণত সৰ্বাধিক গুৰুত্ব দিছে(Ratan Lal Nath on education sector development) । প্ৰতিজন শিক্ষাৰ্থী প্ৰতিভাসম্পন্ন বুলি কৈ তেওঁ জনায় যে, কেন্দ্ৰীয় চৰকাৰৰ আত্ম-প্ৰতিৰক্ষা প্ৰকল্পই ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ সৈতে চেপাহিজালা জিলাৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক তিনি মাহৰ আত্ম-প্ৰতিৰক্ষা প্ৰশিক্ষণ প্ৰদান কৰিব । তেওঁ শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰসংগ উত্থাপন কৰি কয় যে, যদিহে শিক্ষা সঠিকভাৱে গ্ৰহণ কৰা নহয়, তেন্তে সমাজৰ বিকাশ সম্ভৱ নহয় ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছত প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছে । আনহাতে, ৩০ খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ১৩৫ খন বিদ্যালয়ত বৃত্তিমূলক শিক্ষাৰ পাঠদান আৰম্ভ কৰা হৈছে বুলি তেওঁ জনায়(Tripura Govt schemes to improve education system) । ক্ৰমান্বয়ে আৰু ৭০ খন বিদ্যালয়ত বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হ'ব বুলিও তেওঁ সম্ভাৱনা ব্যক্ত কৰে । তেওঁ লগতে জনায় যে, এন চি ই আৰ টি পাঠ্যক্ৰম প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰৱৰ্তন কৰা হৈছে ।

প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰণালী ৮০ খন বিদ্যালয়ত আৰম্ভ কৰা হৈছে । পশ্চিম ত্ৰিপুৰাৰ প্ৰতিখন বিদ্যালয়তে কথিত ইংৰাজী পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে । শিক্ষা মন্ত্ৰীয়ে লগতে জনায় যে, ৰাজ্যখনৰ ১২৮ খন বিদ্যালয় ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে ।

২৯ খন বিদ্যালয়ত চিবিএছইৰ আৰ্হিৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে আৰু এই আৰ্হি পিচলৈ আন ৭১ খন বিদ্যালয়তো আৰম্ভ কৰা হ'ব । সকলো নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক বিদ্যালয়লৈ যাবলৈ চাইকেল প্ৰদান কৰা হৈছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । ত্ৰিপুৰাৰ ৩১২ খন বিদ্যালয়ত আইচিবি প্ৰকল্প আৰম্ভ কৰা হৈছে । এই প্ৰকল্প আৰু ২৩৯ খন বিদ্যালয়ত আৰম্ভ কৰা হ'ব বুলি শিক্ষা মন্ত্ৰী ৰতন লাল নাথে প্ৰকাশ কৰে ।

লগতে পঢ়ক:TTAADC session : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত খালী হৈ আছে প্ৰায় ১০৪৭৪ টা পদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.