ETV Bharat / bharat

চণ্ডীগড়ত অনুষ্ঠিত হ'ব মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া - Wife of Milkha Singh died due to covid

শনিবাৰে সন্ধিয়া সম্পন্ন কৰা হ'ব মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া । সন্ধিয়া ৫ বজাত চণ্ডীগড়ত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ক্ৰীড়াবিদগৰাকীৰ । কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছত ৯১ বছৰীয়া মিলখা সিং প্ৰায় এমাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

চণ্ডীগড়ত অনুষ্ঠিত হ'ব মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া

author img

By

Published : Jun 19, 2021, 4:09 PM IST

স্প’ৰ্টছ ডেস্ক, ১৯ জুন : মহামাৰী কৰ'ণাই(Corona) ইজনৰ পিছত সিজন মহান ব্যক্তিৰ জীৱন কাঢ়ি নিছে । সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰৰ বহু তাৰকা তথা দেশৰ সন্মানীয় ব্যক্তিয়ে কৰ'ণাৰ যুঁজত হাৰ মানিছে । এইবাৰ পুনৰ ক্ৰীড়াপ্ৰেমীসকলক শোকৰ সাগৰত পেলাই কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে তাৰকা ক্ৰীড়াবিদ মিলখা সিঙে । দীৰ্ঘদিন ধৰি কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ক্ৰীড়া তাৰকাগৰাকী ।

মাজতে কিছু সুস্থ হৈ ঘৰলৈ উভটিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল 'দ্যা ফ্লাইং শিখ'(The Flying Sikh) খ্যাত মিলখা সিঙক । ৯১ বছৰীয়া মিলখা সিং প্ৰায় এমাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল । কিন্তু নিয়তিয়ে শুকুৰবাৰে নিশা ক্ৰীড়াবিদগৰাকীক পৰিয়াল তথা অনুৰাগীৰ মাজৰ পৰা কাঢ়ি লৈ যায় । ক্ৰীড়া তাৰকাগৰাকীৰ মৃত্যুত দেশবাসী মৰ্মাহত হোৱা দেখা গৈছে ।

ইফালে বিভিন্ন প্ৰান্তৰ পৰা মহান খেলুৱৈ গৰাকীৰ আত্মাৰ সদগতিৰ বাবে শোকবাৰ্তা প্ৰেৰণ কৰিছে বহুজনে । কৰ'ণাত আক্ৰান্ত হৈ পত্নী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ নিৰ্মল কৌৰে কিছুদিন পূৰ্বে মৃত্যুমুখত পৰিছে । ইয়াৰ মাজতে পৰিয়ালৰ তৰফৰ পৰা জনোৱা মতে, শনিবাৰে সন্ধিয়া সম্পন্ন কৰা হ'ব ক্ৰীড়াবিদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া । শনিবাৰে সন্ধিয়া ৫ বজাত চণ্ডীগড়ত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

পদ্মশ্ৰী মিলখা সিঙে এৰি থৈ যোৱা পুত্ৰ জীৱ মিলখা সিং এগৰাকী গল্ফাৰ । জীৱ মিলখাৰ উপৰিও মিলখা সিঙৰ তিনিগৰাকী কন্যা সন্তান আছে । বিশিষ্ট ক্ৰীড়াবিদগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশবাসী । পঞ্জাৱৰ মুখ্যমন্ত্ৰী(Punjab Chief minister) অমৰিন্দৰ সিঙে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰাৰ লগতে কয় যে মিলখা সিঙৰ মৃত্যুৰ বাতৰি পাই তেওঁ যথেষ্ট দুঃখিত । তেওঁৰ মৃত্যুয়ে এটা যুগৰ সমাপ্তি ঘটোৱাৰ লগতে আৰু দেশ বিশেষকৈ পঞ্জাৱে আজি তেওঁ অবিহনে নিথৰুৱা যেন অনুভৱ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । আনহাতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী(Haryana Chief minister) মনোহৰ লাল খট্টৰে কয় যে, ভাৰতে এগৰাকী মহান খেলুৱৈক হেৰুৱালে । তেওঁ টুইটযোগে শোকপ্ৰকাশ কৰি কয় যে ফ্লাইং শিখ সদায় ভাৰতীয়ৰ হৃদয়ত থাকিব ।

লগতে পঢ়ক: ‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.