ETV Bharat / bharat

দক্ষিণ কাশ্মীৰত সেনাৰ গুলীত নিহত তিনি সন্ত্ৰাসবাদী

author img

By

Published : Aug 30, 2022, 5:44 PM IST

Updated : Aug 30, 2022, 9:16 PM IST

দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাত সেনা বাহিনীৰ জোৱান আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী (Militants killed in encounter) ৷

Militants killed in encounter
দক্ষিণ কাশ্মীৰত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 30 আগষ্ট: দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাত সেনা বাহিনীৰ জোৱান আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ (Encounter in south Kashmir)৷ সবিশেষ তথ্য অনুসৰি ছৌপিয়ান জিলাৰ হাছানপুৰা ইমাম চাহিব অঞ্চলত বাহিনীৰ জোৱান আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে ৷ বৰ্তমানলৈকে নিহত হৈছে তিনিটা সন্ত্ৰাসবাদী (Militants killed in encounter) ৷ বৰ্তমানেও সেনাৰ অভিযান অব্যাহত আছে অঞ্চলটোত ৷

দক্ষিণ কাশ্মীৰত সেনাৰ গুলীত নিহত তিনি সন্ত্ৰাসবাদী

স্থানীয় ৰাইজৰ মতে, সেনাবাহিনীৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ চি আৰ পি এফৰ ১৭৮ বেটেলিয়ান আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ছৌপিয়ান জিলাৰ হাচানপুৰা নগাবল ইমাম চাহিব অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰি তালাচী অভিযান আৰম্ভ কৰে (Security force search operation in J k)। যেতিয়া নিৰাপত্তা বাহিনীয়ে এটা ঘৰৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তাত উপস্থিত থকা উগ্ৰপন্থীয়ে বাহিনীৰ জোৱানসকলৰ ওপৰত গুলীচালনা আৰম্ভ কৰে । ইয়াৰ পিছত প্ৰতিশোধমূলক কাৰ্যসূচীত গুলীচালনাৰ সময়ত তিনিজন স্থানীয় উগ্ৰপন্থী নিহত হৈছে (Militant Killed in south Kashmir)।

নিহত উগ্ৰপন্থী কেইজনৰ পৰিচয় বৰ্তমান সময়ত নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা নাই । এতিয়াও বাহিনীৰ জোৱানৰ দ্বাৰা অঞ্চলটোত তালাচী অভিযান চলি আছে, আনহাতে গুলীচালনা বন্ধ হৈছে ।

লগতে পঢ়ক: ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি মন্তব্য কৰিলে কংগ্ৰেছ ত্যাগী গোলাম নবী আজাদে

Last Updated : Aug 30, 2022, 9:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.