ETV Bharat / bharat

শ্ৰী নগৰৰ নওগামত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ: নিহত তিনি উগ্ৰপন্থী

author img

By

Published : Mar 16, 2022, 5:05 PM IST

বুধবাৰে শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত তিনি উগ্ৰপন্থী(Militants killed in encounter in Nowgam) । নিহত তিনি উগ্ৰপন্থীৰ মাজত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত এজন স্থানীয় উগ্ৰপন্থীক চিনাক্ত ।

j k encounter breaks out in srinagars nowgam
শ্ৰী নগৰৰ নওগামত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ: বুধবাৰে মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ নওগামত নিৰাাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত হয় গুলীচালনাৰ ঘটনা । এই গুলীচালনাত তিনিজনকৈ উগ্ৰপন্থী নিহত হোৱাৰ তথ্য জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে(Jammu and Kashmir police) টুইটযোগে সদৰি কৰিছে(Militants killed in encounter at Nowgam in Srinagar) ।

নিহত তিনি সন্ত্ৰাসবাদীৰ পৰা গোলাবাাৰুদসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীৰ দলে । গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীৰ এটা দলে নওগামৰ শংকৰপুৰা অঞ্চল ঘেৰাও কৰি তালাচী চলাই । এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি নিৰাপত্তা বাাহিনীৰ দলটোয়ে অঞ্চলটোৰ সন্দেহজনক স্থানত অৱস্থান কৰাৰ লগে লগে আত্মগোপন কৰি থকা উগ্ৰপন্থী দলটোৱে নিৰাপত্তাবাহিনীৰ ওপৰত গুলীচালনা কৰে । প্ৰত্যুত্তৰত নিৰাপত্তাবাহিনীয়েও গুলীচালনা কৰে ।

ইফালে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোত বৰ্তমানেও দুইৰ পৰা তিনিজন উগ্ৰপন্থী লুকাই থকাৰ খবৰ লাভ কৰিছে । মঙলবাৰে দক্ষিণ কাশ্মীৰৰ পুলুৱামা জিলাৰ অৱন্তীপুৰৰ চাৰচো অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক গুলীচালনাত লস্কৰ-ই-তৈবাৰৰ সৈতে জড়িত এজন স্থানীয় উগ্ৰপন্থীও নিহত হয় ।

লগতে পঢ়ক: জন্মদিনৰ বিশেষ মূহুৰ্তত চিডিএছ জেনেৰেল বিপিন ৰাৱাটক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.