নেশ্যনেল ডেস্ক,২৪ ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত ভয়ংকৰ ঘটনা । নামাজ পঢ়ি থকাৰ সময়তে প্ৰাক্তন আৰক্ষী অধীক্ষকক গুলীয়াই হত্যা অচিনাক্ত সন্ত্ৰাসবাদীৰ । ঘটনাক লৈ তীব্ৰ উত্তেজনা অব্যাহত সমগ্ৰ জিলাত ।
দেওবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা । আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীয়ে বাৰামুলা জিলাৰ গাণ্টমুলাৰ শ্বিৰিৰ এটা মছজিদত নামাজ পঢ়ি থকাৰ সময়তে প্ৰাক্তন আৰক্ষী অধীক্ষক মহম্মদ শ্বফি মীৰক গুলীয়াই হত্যা কৰে ।
উল্লেখ্য যে ৬৮ বছৰীয়া মীৰে উপ পৰিদৰ্শক হিচাপে আৰক্ষী বাহিনীত যোগদান কৰিছিল আৰু আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি লাভ কৰিছিল । আৰক্ষীয়ে জনোৱা মতে অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ।
নিহত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ আত্মীয়ৰ মতে অৱসৰৰ পিছৰে পৰা মীৰে দিনে ৫ বাৰ কৈ মছজিদত নামাজ পঢ়িছিল । দেওবাৰে পুৱাও তেওঁ মছজিদলৈ নামাজৰ বাবে গৈছিল । নামাজ পঢ়ি থকাৰ সময়তে অচিনাক্ত সন্ত্ৰাসবাদীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে । তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰা হ'ব ।
যোৱা কিছু মাহৰ ভিতৰত কৰ্তব্যৰ পৰা আঁতৰি থকা বা ছুটীত থকা আৰক্ষীৰ ওপৰত এনেধৰণৰ চতুৰ্থটো আক্ৰমণ । ইয়াৰ পূৰ্বে কৰ্তব্যত নথকা সময়ত আৰক্ষী পৰিদৰ্শক মাছৰুৰ আলীকো যোৱা অক্টোবৰত শ্ৰীনগৰৰ ঈদগাহত হত্যা কৰা হৈছিল । তেওঁ বাসগৃহৰ সমীপৰ ঈদগাহ খেলপথাৰত ক্ৰিকেট খেলি আছিল । বাৰামুলাৰ ৱাইলু ক্ৰলপোৰাৰ বাসিন্দা তথা আৰক্ষী হেড কনিষ্টবল গোলাম মুহাম্মাদ দাৰকো যোৱা ৩১ অক্টোবৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল ।
আন এগৰাকী আৰক্ষী কনিষ্টবল মহম্মদ হাফিজ চাককো এই মাহৰে আৰম্ভণিতে বেমিনা শ্ৰীনগৰত আক্ৰমণ কৰা হৈছিল । আৰক্ষী জোৱানজন আঘাতপ্ৰাপ্ত হৈছিল আৰু পাছত মৃত্যুমুখত পৰে । অৱশ্যে তেওঁৰ আক্ৰমণকাৰীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিচত জম্মু-কাশ্মীৰ আৰক্ষী আৰু প্ৰশাসনে দাবী কৰিছে যে নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নত হৈছে । কিন্তু তেনে এক সময়তে সন্ত্ৰাসবাদীয়ে কাশ্মীৰত আৰক্ষীৰ ওপৰত এনেধৰণৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ।
লগতে পঢ়ক :আলফা(স্বা)ৰ সদস্যৰ সন্দেহত শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলী