ETV Bharat / bharat

দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী-অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এজন সন্ত্ৰাসবাদী আৰু ৩ টা অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে নিৰাপত্তা বাহিনীয়ে । বগুণ্ড-কুলগাম পথেৰে যাত্ৰা কৰাৰ সময়তে আৰক্ষীৰ তালাচী চকীত চাৰিওজনকে গ্ৰেপ্তাৰ কৰা হয় ।

দক্ষিণ কাশ্মীৰত এটা সন্ত্ৰাসবাদী আৰু ৩টা অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ

author img

By

Published : Apr 14, 2021, 7:47 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: দক্ষিণ কাশ্মীৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা সন্ত্ৰাসবাদী আৰু ৩ টা অভাৰ গ্ৰাউণ্ড কৰ্মীক । বুধবাৰে নিৰাপত্তা বাহিনীয়ে এই কথা দাবী কৰে । দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ বগুণ্ড-কুলগাম পথেৰে এখন বাহনেৰে যাত্ৰা কৰিছিল চাৰিওজনে ।

আৰক্ষীৰ তালাচী চকীত বাহন ৰখাবলৈ নিৰ্দেশ দিয়া হয় আৰু ৯ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীয়ে চাৰিওজনকে গ্ৰেপ্তাৰ কৰে । ধৃত সন্ত্ৰাসবাদীটো বাৰামুল্লাৰ জেয়ান আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে । যোৱা মাহৰ পৰাই শ্বপিয়ানৰ পৰা জেয়ান আহমেদ সন্ধানহীন হৈ আছিল ।

নিৰাপত্তা বাহিনীৰ বিষয়াই জনোৱা মতে, অভাৰ গ্ৰাউণ্ড কৰ্মী তিনিজন হৈছে জাহিদ নাজিৰ, উমেৰ ইউচুফ আৰু মুজাফৰ আহমেদ । আটাইকেইজনৰে ঘৰ দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত । চাৰিওজনৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ কথা নিশ্চিত কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে ।

লগতে পঢ়ক: কুম্ভমেলাক মাৰ্কাজৰ সৈতে তুলনা কৰা অনুচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.