নিউজ ডেস্ক, ২৩ নৱেম্বৰ : বৃহস্পতিবাৰে মুম্বাইৰ এটা ২৪ মহলীয়া আৱাসিক ভৱনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ঘটনা সংঘটিত হোৱাৰ পিছত তাত থকা কমেও ১৩৫ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় । এপাৰ্টমেণ্টটোৰ নাগৰিক সমিতিৰ সদস্যসকলে এই কথা প্ৰকাশ কৰিছে ।
তেওঁলোকে জনোৱা মতে, ঘোড়াপদেও অঞ্চলৰ এমএইচএডিএ কল'নিৰ নিউ হিন্দ মিল কম্পাউণ্ডত অৱস্থিত ভৱনটোৰ তৃতীয় মহলাত পুৱা ৩.৪০ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ইয়াত চৰকাৰে মিল শ্ৰমিকসকলক ফ্লেট প্ৰদান কৰিছে ।
এজন নাগৰিক সমিতিৰ এগৰাকী সদস্যই জনোৱা মতে, অগ্নিকাণ্ডই বৈদ্যুতিক মিটাৰ কেবিন, ৱায়াৰিং, কেবল, বৈদ্যুতিক নলীত থকা স্ক্ৰেপ সামগ্ৰী, আৱৰ্জনা আৰু আৱৰ্জনা নলীত থকা সামগ্ৰীত বিয়পি পৰে ।
তেওঁ লগতে কয় যে ভৱনটোৰ বিভিন্ন মহলাৰ পৰা কমেও ১৩৫ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । তেওঁলোকৰ ভিতৰত ২৫ গৰাকীক ছাদৰ পৰা, ৩০ গৰাকীক ১৫ নম্বৰ মহলাৰ পৰা আৰু ৮০ গৰাকীক ভৱনটোৰ ২২ নম্বৰ মহলাৰ পৰা উদ্ধাৰ কৰি উলিয়াই অনা হয় ।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, তেওঁলোকে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছত পাঁচখন অগ্নিনিৰ্বাপক গাড়ী আৰু তিনিখন পানীৰ টেংকাৰৰ লগতে অন্যান্য অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু পুৱা ৭.২০ বজাত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।
অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিব পাৰে বুলি সন্দেহ কৰা হৈছে । পৰৱৰ্তী তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।
লগতে পঢ়ক :ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযান, পুনৰ দুগৰাকী সেনা জোৱান আহত