ETV Bharat / bharat

কৰ্ণাটকত ভিন্নধৰ্মী দম্পতীক আক্ৰমণ কৰা ব্যক্তিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 3:23 PM IST

Haveri Moral Policing Case : হাভেৰী মৰেল পুলিচ গোচৰত কৰ্ণাটক আৰক্ষীয়ে ভুক্তভোগীয়ে দাখিল কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত সাতজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । হোটেলৰ কোঠাত প্ৰৱেশ কৰি এটি ভিন্নধৰ্মীয় দম্পতীক আক্ৰমণ কৰাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ অনা হৈছিল ।

কৰ্ণাটকত ভিন্নধৰ্মী দম্পতীক আক্ৰমণ
কৰ্ণাটকত ভিন্নধৰ্মী দম্পতীক আক্ৰমণ

নিউজ ডেস্ক, ১২ জানুৱাৰী : কৰ্ণাটকৰ হাভেৰী জিলাত হোটেলৰ এটা কোঠাত প্ৰৱেশ কৰি এটি আন্তঃধৰ্মীয় দম্পতীক আক্ৰমণ কৰা সাতজন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হৈছে । শুকুৰবাৰে আৰক্ষীয়ে কয় যে ভুক্তভোগীয়ে তেওঁলোকৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ বুলি অভিযোগ কৰিছে ।

৮ জানুৱাৰীত সংঘটিত এক মৰেল পুলিচৰ ঘটনা সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোক সংখ্যালঘু সম্প্ৰদায়ৰ লোক বুলি জনোৱা হৈছে ।

"বৃহস্পতিবাৰে আবেলি ভুক্তভোগীৰ বিবৃতি এজন দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হয় । তাত তেওঁ অভিযোগ কৰে যে তেওঁক সাতজন লোকে দলবদ্ধ ধৰ্ষণ কৰিছিল, তেওঁক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ কৰিছিল । সেয়েহে তেওঁৰ দাবীৰ ওপৰত ভিত্তি কৰি আমি বৰ্তমানৰ এজাহাৰত ধাৰা 376 ডি (দলবদ্ধ ধৰ্ষণ) যোগ দিছোঁ । আমি এতিয়ালৈকে ঘটনাটো সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছোঁ ।" এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় ।

"আন এজন সন্দেহজনক ব্যক্তিক তথাকথিত ঘটনাটোৰ এদিন পিছত সংঘটিত দুৰ্ঘটনাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সেয়েহে তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছত জিম্মাত লোৱা হ'ব । আমাৰ দলবোৰে গোচৰটোৰ বাকী থকা সন্দেহজনক লোকসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । আমি সকলোকে চিনাক্ত কৰিছোঁ ।" তেওঁ কয় ।

ইয়াৰ পূৰ্বে মহিলাগৰাকীয়ে ছয়জন পুৰুষ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল । তাৰ পিছত তেওঁ আন এজন সন্দেহজনক লোকৰ কথাও উল্লেখ কৰে যিগৰাকী তেওঁলোকৰ সহযোগী আছিল । তেওঁ লগতে কয় ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৮ জানুৱাৰীৰ নিশা ১ বজাত সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী ২৬ বছৰীয়া বিবাহিতা মহিলাই ৪০ বছৰীয়া কেএছআৰটিচি চালকৰ সৈতে হোটেলৰ কোঠাত প্ৰৱেশ কৰিছিল । তেওঁৰ সৈতে মহিলাগৰাকী বিগত তিনি বছৰ ধৰি সম্পৰ্কত আছে ।

আনহাতে, হোটেলৰ কোঠাৰ ভিতৰত সংঘটিত সমগ্ৰ আক্ৰমণৰ ঘটনাটোৰ দলটোৱে ভিডিঅ' কৰিছিল । ভিডিঅ'বোৰ পিছত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত হোৱাৰ পিছত ভাইৰেল হৈ পৰে বুলি আৰক্ষীয়ে কয় ।

লগতে পঢ়ক :নিৰ্বাচন আয়ুক্ত নিযুক্তিক লৈ নতুন আইন স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.