ETV Bharat / bharat

Terrible road accident: খাৱৈত গাড়ী বাগৰি মৃত্যু 6 জনৰ

author img

By

Published : Aug 6, 2023, 1:52 PM IST

বাহৰেইচ বলৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । নেপালৰ নেপালগঞ্জ অঞ্চললৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

Accident in Uttar Pradesh
বাহৰেইচ বলৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 6 আগষ্ট : উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ শ্ৰাৱস্তী জিলাৰ ইকোনা অঞ্চলত শনিবাৰে গভীৰ নিশা এখন গাড়ী খাৱৈত পৰি দুটি শিশুসহ কমেও 6 জন লোকৰ মৃত্যু হয় ।

ইকৌনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিমা নাথ উপাধ্যায়ে জানিবলৈ দিয়া মতে, ‘‘গাড়ীত থকা লোককেইজন বলৰামপুৰৰ পৰা নেপালৰ নেপালগঞ্জলৈ গৈ আছিল । গাড়ীখনৰ চালকগৰাকীয়ে পথৰ মাজত থকা গৰুবোৰক বচাবলৈ চেষ্টা কৰি থকাৰ সময়তে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় ৷ ইয়াৰ পিচত গাড়ীখন বাহৰেইচ বলৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ খাৱৈত পৰি যায় ।"

দুৰ্ঘটনাটোৰ ফলত 6 জন লোকৰ মৃত্যু হয় বুলি উল্লেখ কৰি আঘাতপ্ৰাপ্ত গাড়ীখনৰ চালকজনক প্ৰথমে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষী বিষয়া উপাধ্যায়ে জনায় । আৰক্ষী বিষয়াগৰাকীয়ে গাড়ী চালকজনৰ অৱস্থা গুৰুতৰ বুলি জানিবলৈ দিয়ে ।

তেওঁ কয় যে, নিহতসকলৰ ভিতৰত নেপালৰ বাসিন্দা নীতি (18), নীলানশ (30) আৰু নেপালগঞ্জ অঞ্চলৰ বাসিন্দা বৈভৱ গুপ্তাও আছে । অৱশ্যে বৰ্তমান পৰ্যন্ত আনকেইজন মৃত লোকৰ পৰিচয় জানিব পৰা হোৱা নাই । আৰক্ষীৰ আন এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, "আমি ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ পঞ্জীয়ন কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো । মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতকৰ আত্মীয়ক গতাই দিয়া হ'ব ।"

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰৰ মাজনিশা উত্তৰ প্ৰদেশৰ হাথৰাছত সাহাপৌ কোটৱালি অঞ্চলৰ সাদাবাদ পথত ট্ৰেক্টৰ-ট্ৰলী আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত 5 জন লোকৰ মৃত্যু হয় । একে সময়তে 16 জন লোক আহত হয় ।

লগতে পঢ়ক : hathras road accident : হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা; 5 জনৰ মৃত্যু, আহত 16

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.