ETV Bharat / bharat

Manipur election 2022 phase 1 : ভোটগ্ৰহণৰ পূৰ্বে নিলম্বিত কংগ্ৰেছ প্ৰাৰ্থী - Congress Expels Salam Joy Singh on Disciplinary Grounds

মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অথন্তৰ ৷ ৱাংগোই সমষ্টিৰ পৰা প্ৰাৰ্থী ছালাম জয় সিঙক নিলম্বন দলৰ (Congress Expels Salam Joy Singh on Disciplinary Grounds) । সমষ্টিটোত বিজেপি প্ৰাৰ্থীক সহায় কৰাৰ সন্দেহ ৷

Ahead of first phase election Congress suspends one candidate in Manipur
ভোটগ্ৰহণৰ পূৰ্বে নিলম্বন কংগ্ৰেছ প্ৰাৰ্থী
author img

By

Published : Feb 28, 2022, 1:58 PM IST

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : মণিপুৰ বিধানসভা নিৰ্বাচনৰ (Manipur assembly elections 2022) প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে নিশা কংগ্ৰেছ দলে এজন প্ৰাৰ্থীক নিলম্বন কৰে ৷ নিলম্বিত প্ৰাৰ্থীগৰাকী ৱাংগোই সমষ্টিৰ ছালাম জয় সিং বুলি জানিব পৰা হৈছে ৷ প্ৰাৰ্থীগৰাকী দল বিৰোধী কাৰ্য-কলাপত জড়িত থকাৰ অভিযোগত নিলম্বন কৰে দলটোৱে ৷

মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাৰ্থীসভাৰ কিছু দৃশ্য আৰু পূৰ্বৰ বাসভৱনত বিজেপি প্ৰাৰ্থী অইনাম লুখোই সিঙক আতিথ্য দিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছত ছালাম জয় সিঙক দলৰ পৰা নিলম্বন কৰা হয় । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থীক সহায় কৰাৰ সন্দেহত ছালাম জয় সিঙক দলৰ পৰা নিলম্বন কৰাৰ (Congress Expels Salam Joy Singh on Disciplinary Grounds) কথা সদৰী কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কে দেৱব্ৰত সিঙে ।

দলটোৱে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিলৰ পৰিকল্পনা কৰাৰ কথা জানিব পৰা হৈছে । উল্লেখ্য যে, পাহাৰীয়া ৰাজ্যখনত সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ দিনৰ 1 বজালৈ ভোটদানৰ হাৰ হৈছে 48.88% ৷

লগতে পঢ়ক : Manipur election 2022 phase 1 : সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.