ETV Bharat / bharat

Manipur Violence: ভয়ংকৰ নিস্তব্ধতাই বিৰাজ কৰিছে সংঘৰ্ষপীড়িত মণিপুৰত

author img

By

Published : May 10, 2023, 5:37 PM IST

কোনেও ভাবিব নোৱাৰা, এক অনাকাংক্ষিত ঘটনাই জোঁকাৰি গ'ল শান্ত-সমাহিত মণিপুৰ (Manipur violence) । পৰিস্থিত বৰ্তমান শান্ত বুলি দাবী কৰা হৈছে যদিও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে । সংঘৰ্ষপীড়িত অঞ্চলবোৰত এতিয়া মৰিশালিৰ নিস্তব্ধতা । উমি উমি জ্বলি আছে এতিয়াও বহু ঘৰ । কেউফালে পোৰা পোৰা গোন্ধ ।

Manipur Violence
Manipur Violence

নিউজ ডেস্ক, ১০ মে': অগ্নিদগ্ধ মণিপুৰ কিছু পৰিমাণে শান্ত যদিও এতিয়াও যেন উমি উমি জ্বলি আছে প্ৰতিশোধৰ জুই (Manipur violence) । সংঘৰ্ষপীড়িত এলেকাত এতিয়া নিমাওমাও পৰিৱেশ । মণিপুৰৰ ৰাজধানী ইম্ফলৰ ওচৰৰ এটা অঞ্চল হৈছে কাংচুপ চিংখোং । কিন্তু এই অঞ্চলটোলৈ এবাৰ চকু ফুৰালেই তাত কি ঘটিছে সেয়া আপোনাক ক'বলৈ যথেষ্ট (Eerie calm prevails in Kangchup Chingkhong) । সংঘৰ্ষত জ্বলি যোৱা ঘৰবোৰৰ অৱশেষৰ পৰা এতিয়াও ওলাই আছে ধোঁৱা । থিয় হৈ থকা ঘৰবোৰৰ দেৱালবোৰ এতিয়াও ক'লা হৈ আছে ।

আটাইতকৈ বেয়ালগা কথাটো হৈছে গোটেই চহৰখনত এতিয়া বেজী এটা পৰিলেও শুনাৰ দৰে নিস্তব্ধতা । তাৰ আৱাসীসকলে যিমান কম পৰিমাণে পাৰে একত্ৰিত হোৱাৰ বাবে নিজৰ নিত্য প্ৰয়োজনীয় কাৰ্যৰ বাবে বাহিৰলৈ ওলাইছে আৰু খৰখেদাকৈ ঘৰ সোমাইছে । স্থানীয় লোকসকলে কয় যে, তেওঁলোকে তাত শান্তিৰে বাস কৰিব বিচাৰে । ইয়াৰ বাবে চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ।

লগতে তেওঁলোকে আঙুলিয়াই দিছে যে, পৰিস্থিতি শান্তিপূৰ্ণ নহয় । তেওঁলোকে বিচাৰে যে, সকলোৱে তাত শান্তি পুনৰুদ্ধাৰৰ বাবে কাম কৰক । তেওঁলোকে লগতে এইটোও উনুকিয়াই দিয়ে যে, তেওঁলোকে শান্তিৰে শুব পৰা নাই । সমগ্ৰ মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰি অহাটো বিচাৰে তেওঁলোকে । হিংসাত্মক ঘটনাত হতাহতসকলৰ লগতে শিশুসকলৰ শিক্ষাৰ বিষয়টোও অন্যতম (casualties of Manipur violence) ।

সংঘৰ্ষকাৰীসকলে কাংচুপ চিংখোঙত ৫০ টাতকৈও অধিক ঘৰত অগ্নিসংযোগ কৰিছিল । তেওঁলোকৰ আক্ৰমণৰ পৰা বাদ পৰা নাছিল স্কুল, স্থানীয় গীৰ্জা বা মন্দিৰো । ইয়াৰ মাজতে ৰাজ্য চৰকাৰে দাবী কৰিছে যে পৰিস্থিতি উন্নত হৈছে আৰু মঙলবাৰৰ দিনটোত নতুন কোনো হিংসাৰ খবৰ পোৱা হোৱা নাই (Rioters set ablaze houses in Manipur) ।

মণিপুৰৰ শিক্ষামন্ত্ৰী থ বসন্তকুমাৰ সিঙে জনাইছে যে, কোনো নতুন হিংসাত্মক ঘটনাৰ খবৰ পোৱা হোৱা নাই । "ৰাজপথত কেইটামান ঘটনাৰ খবৰ পোৱা গৈছিল । কিন্তু আমি নাজানোঁ যে সেয়া হিংসাৰ বাবে হৈছিল নেকি । কোনো হিংসাৰ খবৰ পোৱা হোৱা নাই । এতিয়া মণিপুৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । কাৰ্ফিউ শিথিল কৰা হৈছে । অস্ত্ৰ জব্দ কৰা হৈছে । যদি কোনো নতুন ঘটনা হয়, আমি আপোনালোকক জনাম ।" তেওঁ কয় (situation controlled in Manipur) ।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ শান্ত-সমাহিত ৰাজ্যখনত শান্তি সুনিশ্চিত কৰিবলৈ অসম ৰাইফলছৰ জোৱানসকলে কাংচুপৰ ৰাস্তাত টহল দি আছে । বৰ্তমান চহৰখনত এক ভয়ংকৰ নিস্তব্ধতাই বিৰাজ কৰিছে । মণিপুৰক দহি যোৱা হিংসাত্মক ঘটনাৰ তৃণমূল ৰিপোৰ্ট অনুসৰি, ৰাজ্যখনত কমেও 60 জন লোকৰ মৃত্যু হয় । স্থানীয় লোকসকলে সোনকালে শান্তি ঘূৰি আহিব বুলি আশা কৰিছে । তেওঁলোকে যাতে সোনকালেই তেওঁলোকৰ স্বাভাৱিক জীৱন যাত্ৰাৰ সৈতে আগবাঢ়িব পাৰে তাৰো কামনা কৰিছে ।

লগতে পঢ়ক: Stranded in Manipur : মণিপুৰত আৱদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি মাজুলী প্ৰশাসনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.