নেশ্যনেল ডেস্ক,২১ আগষ্ট : কেবিনেটে আহ্বান জনোৱাৰ পাছতো মণিপুৰত ২১ আগষ্ট অৰ্থাৎ আজিৰ পৰা অনুষ্ঠিত নহ'ল বিধানসভাৰ বিশেষ অধিবেশন । মণিপুৰ কেবিনেটে ৰাজ্যপাল অনুসূয়া উইকীক ২১ আগষ্টৰ পৰা বিধানসভা অধিৱেশন আহ্বান কৰিবলৈ পৰামৰ্শ দিছিল । কিন্তু বিষয়াসকলে কোৱা মতে এতিয়ালৈকে ৰাজভৱনৰ দ্বাৰা কোনো ধৰণৰ জাননী জাৰী কৰা হোৱা নাই । যাক লৈ এক ধৰণৰ দ্বিধাৰ সৃষ্টি হৈছে । উত্তৰ-পূবৰ ৰাজ্যখনত হিংসাত্মক ঘটনা অব্যাহত থকাৰ বাবে ১০ গৰাকী কুকি বিধায়কে দলৰ সৈতে জড়িত হৈ বিধানসভাৰ অধিবেশনত উপস্থিত নথকাৰ সিদ্ধান্ত লোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে ।
৪ আগষ্টত এক চৰকাৰী বিবৃতিত কোৱা হৈছিল যে সাধাৰণ বিধানসভা অধিবেশনৰ বাবে ১৫ দিন পূৰ্বে এখন অধিসূচনা জাৰী কৰিব লাগিব । ৰাজ্যপালৰ কাৰ্যালয়ে এতিয়ালৈকে এনে কোনো জাননী জাৰী কৰা নাই । অৱশ্যে ৰাজ্য চৰকাৰে এই মাহৰ আৰম্ভণিতে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত অধিবেশনৰ সিদ্ধান্ত লৈছিল ।তাৰ পাছতে ৰাজ্যিক কেবিনেটে মণিপুৰৰ ৰাজ্যপালক ২১ আগষ্টত দ্বাদশ মণিপুৰ বিধান সভাৰ চতুৰ্থ অধিবেশন আহ্বান কৰাৰ বাবে পৰামৰ্শ দিছিল ।
ইয়াৰ পূৰ্বে বিধানসভা অধিৱেশন মাৰ্চ মাহত অনুষ্ঠিত হৈছিল । তাৰ পাছত মে' মাহত ৰাজ্যখনত হিংসাত্মক ঘটনাৰ আৰম্ভ হৈছিল । আনহাতে সাংবিধানিক বাধ্যবাধকতা অনুসৰি পৰৱৰ্তী অধিবেশন ২ ছেপ্টেম্বৰৰ পূৰ্বে অনুষ্ঠিত হ'ব লাগিব ।
ইফালে, কংগ্ৰেছ বিধায়িনী দলৰ নেতা অ' ইবোবি সিঙে দেওবাৰে কয় যে মণিপুৰ কেবিনেটে অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ পাচতো কোনো বিধানসভা অধিবেশন আহ্বান কৰা হোৱা নাই । ৰাজ্য বিধানসভাৰ বাবে প্ৰতি ৬ মাহত এখন অধিবেশন অনুষ্ঠিত কৰাটো বাধ্যতামূলক বুলি তেওঁ দাবী কৰে । অৱশ্যে, কুকি বিধায়কসকলে অধিবেশনত যোগদান কৰিব নে নাই সেয়া স্পষ্ট নহয় ।
চলিত হিংসাত আটাইতকৈ ক্ষতিগ্ৰস্ত জিলা চুৰাচান্দপুৰৰ বিজেপি বিধায়ক এল এম খাউটে পূৰ্বে সংবাদ মাধ্যমক কৈছিল আইন-শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, আগন্তুক অধিবেশনত উপস্থিত থকাটো তেওঁৰ বাবে সম্ভৱ নহ'ব । তেওঁ লগতে কৈছিল যে হিংসা আৰু কুকিসকলে পৃথক প্ৰশাসনৰ বাবে কৰা দাবীৰ সমাধানৰ অভাৱৰ ফলত কুকি-জোমি-হমাৰ বিধায়কে অধিবেশনত উপস্থিত থকাটো সম্ভৱ নহ'ব ।
নগা বিধায়কসকলেও কৈছিল যে তেওঁলোকে অধিবেশনত উপস্থিত নাথাকে । কিয়নো তেওঁলোকে অনুভৱ কৰিছে যে ৰাজ্য চৰকাৰৰ দ্বাৰা নগা শান্তি আলোচনাত বাধা দিয়া হৈছে । ইফালে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পূৰ্বে কৈছিল যে ২ ছেপ্টেম্বৰৰ পূৰ্বে বিধানসভাৰ অধিবেশন আহ্বান কৰা হ'ব ।
লগতে পঢ়ক :Chhattisgarh MLA attack: ছত্তীশগড়ৰ কংগ্ৰেছ বিধায়িকাক ছুৰীকাঘাত; বিজেপিয়ে তুলিলে সুৰক্ষাৰ প্ৰশ্ন