ETV Bharat / bharat

Delhi murder case: ৱেব-ছিৰিজৰ পৰা হত্যাৰ কৌশল শিকি যুৱকে এজনক কৰিলে হত্যা

ৱেব-ছিৰিজৰ কু-প্ৰভাৱ । ৱেব-ছিৰিজৰ পৰা হত্যাৰ কৌশল শিকি যুৱকে হত্যা কৰিলে আন এজনক । ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা (Delhi Karol Bagh murder)। দিল্লী আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী আৰু সহযোগীক ।

author img

By

Published : Oct 27, 2022, 12:03 PM IST

Delhi murder case
দিল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড

নেশ্যনেল ডেস্ক,২৭ অক্টোবৰ : শেহতীয়াকৈ বিভিন্ন মাধ্যমত প্ৰচাৰিত ৱেব-ছিৰিজবোৰে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে । বিশেষকৈ ক্ৰাইম সম্বন্ধীয় বা অপৰাধমূলক ৱেব-ছিৰিজবোৰে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে । কিন্তু আপুনি শুনি আচৰিত হ'ব যে তেনে এক ৱেব-ছিৰিজত দেখুওৱা হত্যাকাণ্ডৰ নকল কৰিলে এজন যুৱকে (Bad impact of web series)। অনুৰূপ ধৰণে এজনক হত্যা কৰিলে যুৱকজনে । ইতিমধ্যে দিল্লী আৰক্ষীয়ে ঘটনাৰ অভিযুক্ত দুই যুৱকক আটক কৰিছে (Two arrested on Karol Bagh murder case)।

এই ঘটনা ৰাজধানী চহৰ দিল্লীৰ । মঙলবাৰে দিল্লীৰ কৰোল বাগৰ নলাৰ পৰা আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰিছে । মৃতদেহটো উদ্ধাৰৰ পাছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

আৰক্ষীৰ তদন্তত মৃতদেহটো কৰোল বাগৰ বিষ্ণু বুলি চিনাক্ত কৰা হৈছে । বিষ্ণুৰ মোবাইল নম্বৰ পৰীক্ষা কৰি আৰক্ষীয়ে দেখিছে যে দুজন লোকে তেওঁ শেহতীয়াকৈ ফোন কৰিছিল । লোক দুজনৰ অৱস্থান ৰাজস্থানৰ চুৰু জিলাৰ বুলি আৰক্ষীয়ে জানিব পাৰিছিল ।

লগে লগে আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত দুজনক আটক কৰিছে । অভিযুক্ত দুজন চুৰু জিলাৰ বাসিন্দা সঞ্জয় বুচা আৰু সীতাৰাম সুথাৰ বুলি জানিব পৰা গৈছে । আৰক্ষী উপ-আয়ুক্ত শ্বেতা চৌহানে ঘটনা সন্দৰ্ভত কয় যে হত্যাৰ মূল অভিযুক্ত সঞ্জয়ে আৰক্ষীক কৈছে যে মৃত বিষ্ণুৰ ৰাজস্থানৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ।

আনহাতে সেই যুৱতীগৰাকীক আকৌ সঞ্জয়ে ভাল পাইছিল । শেহতীয়াকৈ বিষ্ণুৱে তেওঁৰ বন্ধু সীতাৰামৰ সৈতে দীপাৱলী উদযাপনৰ বাবে দিল্লীলৈ আহিছিল ।

সঞ্জয়ে তেতিয়া বিষ্ণুক তেওঁৰ ফোনৰ পৰা যুৱতীগৰাকী ফটো ডিলিট কৰিবলৈ কৈছিল । কিন্তু বিষ্ণুৱৈ অস্বীকাৰ কৰাত সঞ্জয়ে বিষ্ণুক নিৰ্মমভাৱে হত্যা কৰে (Man strangled to death by girlfriends lover)। সঞ্জয় আৰু সীতাৰামে বিষ্ণুৰ মৃতদেহটো গাড়ীত প্ৰায় দুঘণ্টা ধৰি কঢ়িয়াই লৈ ফুৰিছিল আৰু তাৰ পাছত মৃতদেহটো কৰোল বাগৰ এটা নলাত পেলাই দিছিল ।

ইফালে উৎসৱ বতৰ কাৰণে কোনেও তেওঁলোকক সন্দেহ কৰা নাছিল । তদন্তকাৰী বিষয়াগৰাকীয়ে কোৱা মতে অভিযুক্তজনে অ'টিটি প্লেটফৰ্মত উপলব্ধ এক ৱেব-ছিৰিজৰ পৰা হত্যাৰ কৌশল শিকিছিল আৰু তাক কাৰ্যকৰী কৰিছিল ।

লগতে পঢ়ক :Livestock recovered in Kaliabor: বুধবাৰে নিশা কাজিৰঙা আৰু কলিয়াবৰত জব্দ গৰু ভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.